জলবায়ু বিজ্ঞান
১৭ প্ৰবন্ধ
-
জলবায়ু
জলবায়ু (Climate) হৈছে সাধাৰণতে ৩০-বছৰতকৈ অধিক অন্তৰালৰ বতৰৰ পৰিসংখ্যা। কোনো এটা অঞ্চলত এক দীঘলীয়া সময়ত হোৱা উষ্ণতা, আদ্ৰতা, বায়ুমণ্ডলীয় চাপ, বতাহ, বৰষুণৰ পৰিমাণ, বায়ুমণ্ডলীয় কণিকাৰ হিচাপ আৰু অন্যান্য ধাতৱীয় তত্ত্বৰ পাৰ্থক্য আদিৰ পৰিবৰ্তনৰ আৰ্হিৰ নিৰ্ধাৰণৰ দ্বাৰা অঞ্চলটোৰ জলবায়ু নিৰ্ণয় কৰা…
-
গোলকীয় উষ্ণতা বৃদ্ধি
গোলকীয় উষ্ণতা বৃদ্ধি হ'ল পৰিৱেশৰ প্ৰতি এটা ভয়ানক প্ৰত্যাহ্বান। পৃথিৱীৰ জলবায়ু তন্ত্ৰৰ গড় উষ্ণতা দিনক দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ১৯৭১ চনৰ পৰা, বৰ্ধিত শক্তিৰ ৯০% সাগৰ-মহাসাগৰত জমা হৈছে, মুখ্যতঃ ০ ৰ পৰা ৭০০ মি. অঞ্চলত।
-
ঋতু
ঋতু (Season) বছৰৰ এটি খণ্ডবিশেষ। সচৰাচৰ স্থানীয় বতৰ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি ঋতু বিভাজন কৰা হয়। বিশ্বৰ অধিকাংশ দেশত বসন্ত (Spring), গ্ৰীষ্ম (Summer), শৰৎ (Autumn-ব্ৰিটিছ, Fall-আমেৰিকান) আৰু শীত (Winter) - এই চাৰিটা প্ৰধান ঋতু দেখা যায়।
-
মৌচুমী বায়ু
মৌচুমী বতাহ সাধাৰণতে ঋতুচৰিত্ৰ অনুসৰি দিশ সলনি কৰা বতাহক বুজায়, যাৰ সৈতে বৰষুণৰ পৰিৱৰ্তন হয়। বৰ্তমানে এই শব্দটো বায়ুমণ্ডলীয় চলাচল আৰু বৰষুণৰ ঋতুগত পৰিৱৰ্তনৰ বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়, যি Intertropical Convergence Zone (ITCZ)-ৰ উত্তৰ আৰু দক্ষিণ সীমাৰ মাজত বাৰ্ষিক স্থানান্তৰৰ লগত সংযুক্ত।
-
আৰ্দ্ৰতা
আৰ্দ্ৰতা (Humidity) হৈছে বায়ুত থকা জলীয় বাষ্পৰ ঘনত্ব। পানীৰ বাষ্প অৰ্থাৎ পানীৰ গেছীয় অৱস্থা, সাধাৰণতে মানুহৰ চকুৰ বাবে অদৃশ্য। আৰ্দ্ৰতাই বৰষুণ, নিয়ৰ বা কুঁৱলী থকাৰ সম্ভাৱনাক সূচায়। আৰ্দ্ৰতা বায়ুমণ্ডলৰ উষ্ণতা আৰু চাপৰ ওপৰত নিৰ্ভৰ কৰে।
-
ডাৱৰ
বতৰবিজ্ঞানৰ মতে ডাৱৰ বা মেঘ হৈছে কোনো গ্ৰহ বা তেনে স্থানৰ বায়ুমণ্ডলত ঘনীভূত হৈ থকা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ তৰল কণিকা, বৰফৰ স্ফটিক, বা অন্য পদাৰ্থৰ সমাহাৰ। পানী নাইবা অন্য বহুধৰণৰ ৰসায়নৰ পৰা কণিকা আৰু স্ফটিক সৃষ্টি হ'ব পাৰে।
-
ভাৰত বতৰ বিজ্ঞান বিভাগ
ভাৰত বতৰ বিজ্ঞান বিভাগ (India Meterological Department, IMD) ভাৰত চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ অধীনস্থ এটা ভাৰতীয় সংস্থা। বতৰ বিজ্ঞান পৰ্যবেক্ষণ, বতৰ পূৰ্বাভাস আৰু ভূমিকম্প বিজ্ঞানৰ বাবে ই প্ৰধান সংস্থা। আই এম ডিৰ মুখ্য কাৰ্যালয় দিল্লীত আছে।
-
বতৰ
বতৰ হৈছে কোনো স্থানৰ কোনো সময়ৰ বায়ুমণ্ডলীয় অৱস্থা। সাধাৰণত এদিনৰ এনে তথ্যকেই বতৰ বোলে, আৰু কেতিয়াবা কোনো নিৰ্দিষ্ট এলেকাৰ কম সময়ৰ বায়ুমণ্ডলীয় অৱস্থাকে বতৰ বোলা হয়। আনহাতে কোনো স্থানৰ দীৰ্ঘ সময়ৰ বতৰৰ উৎপত্তি ভিত্তিত সেই স্থানৰ জলবায়ু নিৰ্ণয় কৰা হয়। বতৰ সদায় পৰিবৰ্তনশীল এক চলক।
-
বিশ্ব বতৰ বিজ্ঞান সংস্থা
বিশ্ব বতৰ বিজ্ঞান সংস্থা World Meteorological Organization(WMO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা যিয়ে বায়ুমণ্ডল বিজ্ঞান, জলবায়ুবিজ্ঞান, জল বিজ্ঞান আৰু ভূপদাৰ্থ বিজ্ঞানৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্ৰসাৰিত কৰাৰ বাবে দায়বদ্ধ।
-
ঘূৰ্ণীবতাহ
ঘূৰ্ণীবতাহ (ইংৰাজী: Tornado (টৰ্ণেডো)) হৈছে এটা অতি বেগেৰে বলা ঘূৰ্ণীয়মান বায়ুৰ স্তম্ভ, যাৰ পৃথিৱী পৃষ্ঠ আৰু মেঘৰ লগত সংযোগত থাকে, বা কেতিয়াবা এটুকুৰা মেঘৰ তলৰ অংশৰ সৈতে।
-
চিৰ’কো
চিৰ’কো বা চিৰ’ক্কো মানে চাহাৰা মৰুভূমিৰ পৰা বৈ অহা ভূমধ্যসাগৰীয় এক বতাহৰ নাম আৰু ই উত্তৰ আফ্ৰিকা আৰু দক্ষিণ ইউৰোপত বিশেষকৈ গ্ৰীষ্মকালত হাৰিকেনৰ গতি লাভ কৰিব পাৰে।
-
ভাৰতৰ জলবায়ু
ভাৰতৰ জলবায়ু (Climate of India) ভাৰতবৰ্ষৰ আয়তন ইমান বৃহৎ যে ইয়াৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জলবায়ু দেখা যায়। প্ৰাকৃতিক গঠন আৰু বন্ধুৰতাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ জলবায়ুৰ তাৰতম্য ঘটাইছে। সেইবাবে দেশখনৰ দক্ষিণ ভাগটোৰ জলবায়ু ক্ৰান্তীয়।
-
সংবেদনশীল তাপ
সংবেদনশীল তাপ হৈছে কোনো বস্তু বা তাপগতিবিদ্যা ব্যৱস্থাৰ দ্বাৰা বিনিময় হোৱা তাপ, য'ত তাপৰ বিনিময়ৰ ফলত শৰীৰ বা ব্যৱস্থাৰ উষ্ণতা আৰু কিছুমান বৃহৎ দৃষ্টিকোণৰ চলক সলনি হয়, কিন্তু আন কিছুমান বৃহৎ দৃষ্টিকোণৰ চলক যেনে আয়তন বা চাপ অপৰিৱৰ্তিত থাকে।
-
ইৰানৰ জলবায়ু পৰিবৰ্তন
ইৰানৰ জলবায়ু পৰিৱৰ্তনয়ে পৰিৱেশত বিশেষ প্ৰভাৱ পেলাইছে। মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা (MENA) অঞ্চলৰ জলবায়ু পৰিৱৰ্তনৰ বাবে আটাইতকৈ সংবেদনশীল দেশসমূহৰ ভিতৰত ইৰাণ অন্যতম।
-
এল নিনয়'–দক্ষিণ দোলন
এল নিনো–দক্ষিণ দোলন (ENSO) হৈছে গ্ৰীষ্মমণ্ডলীয় প্ৰশান্ত মহাসাগৰৰ ওপৰত বতাহ আৰু সাগৰৰ পৃষ্ঠৰ উষ্ণতাৰ তাৰতম্যৰ পৰা উদ্ভৱ হোৱা এক বিশ্বব্যাপী জলবায়ুৰ পৰিঘটনা। এই ভিন্নতাসমূহৰ এটা অনিয়মিত আৰ্হি থাকে যদিও চক্ৰাকাৰ ৰূপৰ কিছু আভাস পোৱা যায়। ENSO-ৰ সময় আৰু তীব্ৰতা পূৰ্বানুমানযোগ্য নহয়।
-
ক্ৰান্তীয় ঘূৰ্ণীবতাহ
ক্ৰান্তীয় ঘূৰ্ণীবতাহ বা গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ হৈছে কম চাপৰ অঞ্চল, বন্ধ নিম্নস্তৰৰ বায়ুমণ্ডলীয় পৰিসঞ্চালন, প্ৰচণ্ড বতাহ, প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ সৃষ্টি কৰা এক সৰ্পিল ধুমুহা ব্যৱস্থা।
-
পেৰিছ চুক্তি
পেৰিছ চুক্তি Paris Agreement(পেৰিছ জলবায়ু চুক্তি বুলিও কোৱা হয়) হৈছে ২০১৬ চনত স্বাক্ষৰিত জলবায়ু পৰিৱৰ্তনৰ এখন আন্তৰ্জাতিক সন্ধি। এই সন্ধিখনে জলবায়ু পৰিৱৰ্তন প্ৰশমন, অভিযোজন, আৰু বিত্তীয় বিষয়ক সামৰি লৈছে।