অনুপাত(Ratio), গণিতত অনুপাত হৈছে দুটা সংখ্যাৰ মাজৰ এক সম্পৰ্ক। এই সম্পৰ্ক অনুসৰি প্ৰথমটো সংখ্যাৰ বিপৰীতে কিমান বাৰ দ্বিতীয় সংখ্যাটো আছে তাক বুজা যায়।১ উদাহৰণ স্বৰূপে যদি এটা ফলৰ খৰাহিত ৯টা কমলা আৰু ৩টা কল আছে, তেন্তে কলৰ বাবে কমলাৰ অনুপাত হ'ব ৯:৩ আৰু এই অনুপাতটো ৩:১ৰ সমমান। একেদৰে কমলাৰ বাবে কলৰ অনুপাত হ'ব ৩:৯ বা ১:৩। যি কোনো এককক এই অনুপাত ৰূপত প্ৰকাশ কৰিব পৰা যায়। যেনেঃ মানুহ বা কোনো বস্তুৰ সংখ্যা, দীঘ, সময়, ওজন আদিৰ মান। বেছি ভাগ সময়ত অনুপাতৰ দুয়োটা মান ধনাত্মক হোৱাটো বাঞ্চনীয়।যদি 'a' আৰু 'b' দুটা একে এককত থকা একেজাতীয় ৰাশি হয়; তেন্তে ইহঁতৰ অনুপাত হ'ব a:b বা a/b।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুপাত” প্ৰবন্ধৰ সংশোধন ১৯৬৬০৪ (৩ জুন ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।