কৃষি বিজ্ঞান
১০ প্ৰবন্ধ
-
মাটি
পৃথিৱীক যি শুকান পৃষ্ঠভাগে আবৰি থাকে তাকে মাটি বোলা হয়। ইয়াক ভূঁই, ক্ষিতি, মৃত্তিকা, মৃদা, মৃৎ আদি নামেৰেও জনা যায়। ই হ’ল পৃথিৱীৰ লগত বায়ুমণ্ডলৰ সংযোগস্থল। ই কঠিন, গেদীয় আৰু কোমল- এই তিনিটা ভাগত থাকে। পৃথিৱীৰ একেবাৰে উপৰিপৃষ্ঠত থকা মাটিৰ তৰপটোত অধিক পৰিমাণে জৈৱিক পদাৰ্থ থাকে।
-
কেঁচুসাৰ
কেঁচুসাৰ (Vermicompost) হ’ল এবিধ জৈৱ সাৰ। ই কেঁচুৰ দ্বাৰা উৎপন্ন হয়। কেঁচুৱে মাটিত থকা বিভিন্ন জৈৱিক পদাৰ্থসমূহৰ পচন ঘটাই মাটিৰ উৰ্বৰতাৰ বাবে প্ৰয়োজনীয় উপাদান সৃষ্টি কৰে। এই উপাদানসমূহকে কেঁচু সাৰ বোলা হয়।
-
জৈৱিক কৃষি
জৈৱিক কৃষি (Organic Farming) বুলিলে সাধাৰণতে ৰাসায়নিক সাৰ কিম্বা ঔষধ ব্যৱহাৰৰ নকৰাকৈ খাদ্য-শস্য উৎপাদন কৰা কৃষি পদ্ধতিক বুজা যায়। এই পদ্ধতিৰ কৃষিত মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিবলৈ শস্যাৱৰ্তন, সেউজ সাৰ, পচন সাৰ, কেঁচুসাৰ আদি ব্যৱহাৰ কৰা হয়।
-
পচন সাৰ
পচন সাৰ (Compost) হৈছে জৈব-পদাৰ্থক (organic material) প্ৰাকৃতিক ভাৱে বিঘটন (biodegradation) ঘটাই প্ৰস্তুত কৰা এবিধ জৈবিক সাৰ। জৈবিক পদ্ধতিৰে কৰা কৃষিকাৰ্য্যৰ ই এটা মুখ্য অংগ।
-
সংমিশ্ৰিত মীন-পালন
সংমিশ্ৰিত মীন-পালন, (ইংৰাজী: Composite fish culture) হৈছে মীন পালনৰ এনে এটা পদ্ধতি যাৰ জৰিয়তে পানীৰ ভিন্ন স্তৰত খাদ্য গ্ৰহণ কৰা ভিন্ন প্ৰজাতিৰ মাছ একেটা পুখুৰীতে একেলগে পালন কৰা হয়।
-
সেউজ সাৰ
কিছুমান শস্যৰ খেতি কৰি এক নিৰ্দিষ্ট সময়ৰ পাছত এইবোৰৰ ডাল-পাত আদি কাটি মাটিৰ লগত মিহলালে যি সাৰ পোৱা যায় তাকে সেউজ সাৰ (Green Manuer) বোলা হয়। সকলো উদ্ভিদৰ পৰাই এনে সাৰ পাব পৰা যায় যদিও ইয়াৰ বাবে কিছুমান বিশেষ উদ্ভিদ চিনাক্ত কৰা হৈছে।
-
হিউমাছ
হিউমাছ (humus) এটা লেটিন শব্দ যাৰ অভিধানিক অৰ্থ হ’ল মাটি বা পৃথিৱী। আনহাতে মাটিত থকা জৈৱ পদাৰ্থৰ ওপৰত কিছুমান অণুজীৱই ক্ৰিয়া কৰাৰ বাবে এইবোৰৰ ৰূপান্তৰ ঘটি এনে এটা অৱস্থা পায়গৈ যে আৰু পৰিৱৰ্তন সম্ভৱ নহয়। জৈৱ পদাৰ্থৰ এই ৰূপটোক মাটি বিজ্ঞানীসকলে ‘‘‘ হিউমাছ’’’ বুলি নামাকৰণ কৰিছে।
-
উদ্ভিদ ৰোগবিজ্ঞান
উদ্ভিদ ৰোগবিজ্ঞান (Plant pathology) বা ফাইটʼপেথ’লজী হৈছে ৰোগজনক (সংক্ৰামক জীৱ) আৰু পৰিৱেশীয় অৱস্থা (শাৰীৰিক কাৰক)ৰ দ্বাৰা সৃষ্ট, উদ্ভিদৰ ৰোগসমূহৰ বৈজ্ঞানিক অধ্যয়ন।
-
জীৱাণুসাৰ
‘‘‘জীৱাণুসাৰ’’’ হ’ল মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা কিছুমান অণুজীৱ আৰু এইবোৰ বহন কৰা বাহক পদাৰ্থৰ এক মিশ্ৰণ। ইতিমধ্যে বিজ্ঞানীসকলে সাৰ যোগান ধৰিব পৰা কিছুমান অণুজীৱ চিনাক্ত কৰিছে আৰু বাহক পদাৰ্থৰ সংমিশ্ৰণৰে জীৱাণুসাৰ প্ৰস্তুত কৰিছে। অৱশ্যে শস্যভেদে জীৱাণুসাৰ বেলেগ বেলেগ।
-
পুষ্প-শস্য বিজ্ঞান
পুষ্প-শস্য বিজ্ঞান (Floriculture, floris + culture-ৰপৰা উৎপত্তিপ্ৰাপ্ত) বা ফ্লʼৰিকালচাৰ হৈছে দৃষ্টিনন্দন, বৰ্ণিল তথা ভক্ষণযোগ্য পুষ্প আৰু পত্ৰ উৎপাদনকাৰী উদ্ভিদসমূহৰ দক্ষ উৎপাদন সম্পৰ্কীয় বিজ্ঞানসন্মত অধ্যয়ন। ই সমগ্ৰ বিশ্বতে প্ৰচলিত উদ্যানবিদ্যা আৰু কৃষিকৰ্মৰ এক বাণিজ্যিকভাৱে সফল শাখা।