অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

কাৰ্ণেল

কম্পিউটাৰ বিজ্ঞানত কাৰ্ণেল হৈছে বেছিভাগ কম্পিউটাৰৰ অপাৰেটিং চিষ্টেমৰ মূল ভাগ; ই কোনো এপ্লিকেচন আৰু হাৰ্ডৱেৰ পৰ্যায়ত কতা ডেটা বিশ্লেষণৰ সংযোগী ব্যৱস্থা। কাৰ্ণেলৰ প্ৰধান দায়িত্ব হৈছে চিষ্টেম বা প্ৰণালীটোৰ সম্পদসমূহৰ পৰিচালনা (হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ অংশৰ মাজত যোগাযোগ)।

হালনাগাদ: ৭ মাৰ্চ ২০১৩ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

কম্পিউটাৰ বিজ্ঞানত কাৰ্ণেল হৈছে বেছিভাগ কম্পিউটাৰৰ অপাৰেটিং চিষ্টেমৰ মূল ভাগ; ই কোনো এপ্লিকেচন আৰু হাৰ্ডৱেৰ পৰ্যায়ত কতা ডেটা বিশ্লেষণৰ সংযোগী ব্যৱস্থা। কাৰ্ণেলৰ প্ৰধান দায়িত্ব হৈছে চিষ্টেম বা প্ৰণালীটোৰ সম্পদসমূহৰ পৰিচালনা (হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ অংশৰ মাজত যোগাযোগ)।১

কম্পিউটাৰ বুট কৰাৰ সময়ত প্ৰথমতে হাৰ্ড ডিস্ক-অৰ পৰা কাৰ্ণেল চফ্টৱেৰটো প্ৰাথমিক মেমৰীত তুলি তাৰ ইনষ্ট্ৰাকচন বোৰ ৰাণ কৰা হয়। ইয়াৰ পাচৰপৰা কম্পিউটাৰৰ বিভিন্ন আনুসংগিক যতনবোৰ -যেনে কী-ব’ৰ্ড, ডিচপ্লে', প্ৰিন্টাৰ ইত্যাদি, প্ৰাথমিক মেমৰী, হাৰ্ড ডিস্ক, চিডি-ৰ’ম বিভিন্ন সংসাধনবোৰ, প্ৰয়োজনীয় চফ্টৱেৰ প্ৰচেচবোৰ, নেটৱৰ্ক ইত্যাদি কাৰ্ণেলে পৰিচালনা কৰা আৰম্ভ কৰে। কাৰ্ণেলৰ মধ্যস্থতাতহে অন্যান্য এপ্লিকেচন চফ্টৱেৰে এইবোৰ ব্যৱহাৰ কৰিব পাৰে।

কাৰ্ণেলেই চিষ্টেম চিকিউৰিটী, অথেন্টিকেশ্যন আৰু একচেচ কন্ট্ৰলৰ বাবে দায়বদ্ধ। কম্পিউটাৰৰ বিভিন্ন সংশোধনবোৰ ভোক্তাৰ প্ৰয়োজন আৰু অধিকাৰ অনুযায়ী কাৰ্ণেলেই পৰিচালনা আৰু পৰিবেশন কৰে।

কোনো কোনো সাধন – বিশেষকৈ প্ৰিন্টাৰ, নেটৱৰ্ক কাৰ্ড, ডিচপ্লে' আদি পাৰিপাৰ্শ্বিক যতনবোৰ ব্যৱহাৰ কৰিবলৈ কাৰ্ণেলক ডিভাইচ ড্ৰাইভাৰ চফ্টৱেৰৰ প্ৰয়োজন হয়।

তথ্যসূত্ৰ

  1. ↑ Wulf 74 pp.337–345

সম্পৰ্কিত শ্ৰেণী

কম্পিউটাৰ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্ণেল” প্ৰবন্ধৰ সংশোধন ১১৭৫৩১ (৭ মাৰ্চ ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।