ধ্ৰুপদী বলবিজ্ঞান
১০ প্ৰবন্ধ
-
সময়
সময় হৈছে পদাৰ্থবিজ্ঞানৰ এক মৌলিক একক, বিভিন্ন পৰিঘটনাৰ অনুক্ৰম, পৰিঘটনাসমূহৰ ব্যাপ্তি (duration) বা সংঘটনৰ পৰিসৰ, বিভিন্ন পৰিঘটনাৰ সংঘটনৰ মাজৰ অন্তৰাল আৰু কোনো ৰাশি(quantity)ৰ পৰিৱৰ্তনৰ হাৰ, যেনে পদাৰ্থৰ গতি ইত্যাদি মাপনৰ বাবে ব্যৱহৃত পৰিমাপন প্ৰণালীৰ এক অংশ।
-
ভৰ
পদাৰ্থ বিজ্ঞানত, ভৰ (ইংৰাজী: mass) (গ্ৰীক μᾶζα "বাৰ্লি কেক, আটাৰ লাডু"), হৈছে বস্তু এটাৰ দ্ৰুতিৰ পৰিবৰ্তনৰ বিপৰীতে বস্তুটোৱে দিয়া অন্তৰ্নিহিত পদাৰ্থৰ পৰিমাণসূচক বাধা। অৰ্থাৎ কোনো এটা বস্তুৰ সমান বাধা।
-
ধ্ৰুপদী বলবিজ্ঞান
পদাৰ্থ বিজ্ঞানত বলবিজ্ঞানৰ দুটা প্ৰধান ক্ষেত্ৰৰ এটা ক্ষেত্ৰ হৈছে ধ্ৰুপদী বলবিজ্ঞান। ধ্ৰুপদী বলবিজ্ঞানত সংশ্লিষ্ট কোনো বল প্ৰণালীৰ প্ৰভাৱত কোনো পদাৰ্থ বা অৱয়ব(ইংৰাজী: body)ৰ গতিৰ সৈতে জড়িত ভৌতিক নীতি আৰু সূত্ৰসমূহৰ সম্পৰ্কে আলোচনা কৰা হয়।
-
বেগ
কোনো এক নিৰ্দিষ্ট দিশত কোনো বস্তুৰ দ্ৰুতিকেই পদাৰ্থ বিজ্ঞানত বেগ বোলা হয়। দ্ৰুতিয়ে মাত্ৰ কিমান খৰকৈ বস্তু এটাই গতি কৰিছে তাকহে বুজাই আনহাতেদি বেগে দ্ৰুতিৰ লগতে দিশকো নিৰ্দেশ কৰে। কোনো এক বস্তুৱে স্থিৰ দ্ৰুতিৰে কোনো নিৰ্দিষ্ট এক দিশত গতি কৰিলে তাক আমি স্থিৰ বেগত গতি কৰা বুলি ক’ম।
-
ত্বৰণ
সময়ৰ লগত বেগৰ পৰিবৰ্তনৰ হাৰক পদাৰ্থ বিজ্ঞানত ত্বৰণ (ইংৰাজী: Acceleration) বুলি কোৱা হয়। একমাত্ৰিক স্থানত, ত্বৰণ হৈছে বস্তু এটাৰ দ্ৰুতিৰ বৃদ্ধিৰ নাইবা হ্ৰাসৰ হাৰ। যিহেতু বেগ হ’ল এবিধ ভেক্টৰ, গতিকে বেগৰ মান আৰু দিশ দুয়োটাৰে পৰিবৰ্তনৰ হাৰকে ত্বৰণে সূচায়। ত্বৰণৰ মাত্ৰা হৈছে L T −2।
-
মহাকৰ্ষণ
মহাকৰ্ষণ (ইংৰাজী: gravitation) হৈছে এক প্ৰাকৃতিক পৰিঘটনা, যাৰ দ্বাৰা ভৌতিক পদাৰ্থসমূহে ইয়াৰ ভৰৰ সমানুপাতিক এক বলৰ জৰিয়তে আন পদাৰ্থক আকৰ্ষণ কৰিব পাৰে। দৈনন্দিন জীৱনত মহাকৰ্ষণ এক অতিকে পৰিচিত পৰিঘটনা, ইয়ে ভৰযুক্ত বস্তুৰ ওজনৰ কাৰক, আৰু যেতিয়া কোনো এটা বস্তু ওপৰৰ পৰা এৰি দিয়া হয় তেতিয়া বস্তুটো…
-
নিউটনৰ গতিৰ সূত্ৰ
নিউটনৰ গতিৰ সূত্ৰ সমূহ হৈছে ধ্ৰুপদী বলবিদ্যা বা ধ্ৰুপদী বলবিজ্ঞান (Classical Mechanics)ৰ তিনিটা ভৌতিক সূত্ৰৰ সমষ্টি। এই সূত্ৰসমূহে কোনো বস্তুত ক্ৰিয়া কৰা বল আৰু এই বলৰ বাবে সৃষ্টি হোৱা বস্তুটোৰ গতিৰ সম্পৰ্ক প্ৰকাশ কৰে।
-
ভ্ৰামক
টৰ্ক (ইংৰাজী: Torque) বা বলৰ ভ্ৰামক হ'ল কোনো বস্তুৰ ঘূৰ্ণন বেগ বা কৌণিক ত্বৰণ সলনি কৰিব পৰা পৰা কাৰক। গাণিতিকভাবে, টৰ্ক হ'ল কোনো অক্ষ সাপেক্ষে ঘূৰ্ণনশীল বস্তুৰ ওপৰত ক্ৰিয়া কৰা বল। টৰ্কক সাধাৰণতে গ্ৰীক অক্ষৰ τ (টাউ) দ্বাৰা সূচোৱা হয়।
-
নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ
১৬৮৭ চনত ইংৰাজী গণিতজ্ঞ ছাৰ আইজাক নিউটনে তেঁওৰ মহানতম সৃষ্টি “প্ৰিন্সিপিয়া” (ইংৰাজী: Principia)ত মহাকৰ্ষণৰ সূত্ৰ আগবঢ়াইছিল। মহাকৰ্ষণৰ সূত্ৰমতে, > “বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাই আন প্ৰতিটো কণাক আকৰ্ষণ কৰি আছে আৰু এই আকৰ্ষণ বলৰ মান কণাদুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ…
-
ঘাতবল
ধ্ৰুপদী বলবিজ্ঞানত, ঘাতবল(J) হৈছে সময়ৰ সাপেক্ষে বলৰ অনুকল( integral)। ⟨J = \int F \,\mathrm{d}t⟩ যিহেতু বল এটা ভেক্টৰ ৰাশি, ঘাতবলো এটা ভেক্টৰ ৰাশি। এছ আই একক হৈছে নিউটন ছেকেণ্ড। অন্য ইংৰাজ আভিযান্ত্ৰিক একক কিছুমান হৈছে পাউণ্ড-ছেকেণ্ড আৰু শ্লাগ-ফুট প্ৰতি ছেকেণ্ড। ⟨J = F_{\text{average}} (t_2 - t_1)⟩