অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

প্ৰতিজন

প্ৰতিজন (Ag) হৈছে কোনো বহিৰাগত বস্তু বা বীজাণুৰ দেহৰ বাহিৰৰ অংশত লাগি থকা কোনো অণু বা আনৱিক গঠন। এই প্ৰতিজনসমূহক দেহত সৃষ্টি হোৱা কিছুমান নিৰ্দিষ্ট প্ৰতিদেহ বা বি কোষ প্ৰতিজন সংগ্ৰাহকে সিহঁতৰ ৱাই-আকৃতিৰ বাহুদ্বয়ৰ অগ্ৰপ্ৰান্তবোৰৰ মাধ্যমেদি আবদ্ধ কৰি সিহঁতক দেহৰ পৰা বিতাড়ন কৰাৰ চেষ্টা কৰে।

হালনাগাদ: ২৭ আগষ্ট ২০২০ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

প্ৰতিজন (Ag) হৈছে কোনো বহিৰাগত বস্তু বা বীজাণুৰ দেহৰ বাহিৰৰ অংশত লাগি থকা কোনো অণু বা আনৱিক গঠন। এই প্ৰতিজনসমূহক দেহত সৃষ্টি হোৱা কিছুমান নিৰ্দিষ্ট প্ৰতিদেহ বা বি কোষ প্ৰতিজন সংগ্ৰাহকে সিহঁতৰ ৱাই-আকৃতিৰ বাহুদ্বয়ৰ অগ্ৰপ্ৰান্তবোৰৰ মাধ্যমেদি আবদ্ধ কৰি সিহঁতক দেহৰ পৰা বিতাড়ন কৰাৰ চেষ্টা কৰে। অন্য অৰ্থত ক’বলৈ গ’লে দেহত প্ৰতিদেহ উৎপাদন কৰিবলৈ উদীপ্ত কৰা যিকোনো অণুকেই প্ৰতিজন বুলি কোৱা হয়। প্ৰতিজনবোৰ বেক্টেৰিয়া বা ভাইৰাছ মাংসসাৰ বা কাৰ্বহাইড্ৰেট হ’ব পাৰে।

শৰীৰৰ পৰা ("স্ব-প্ৰতিজন") বা বাহ্যিক পৰিবেশৰ পৰা ("অ-স্ব") উৎপন্ন হ’ব পাৰে। দেহৰ প্ৰতিৰক্ষা তন্ত্ৰই বহিৰাগত "অ-স্ব" আক্ৰমণকাৰী বা শৰীৰত থকা পৰিবৰ্তিত বা ক্ষতিকাৰক পদাৰ্থসমূহক চিনাক্ত আৰু আক্ৰমণ কৰে আৰু সাধাৰণতে হোমোষ্ট্যাটিক পৰিস্থিতিত থাইমাছৰ টি কোষৰ নেতিবাচক নিৰ্বাচনৰ কাৰণে স্ব-প্ৰতিজনৰ সৈতে প্ৰতিক্ৰিয়া নকৰে।১

ছিটাসমূহ প্ৰতিজনৰ উদাহৰণ।

তথ্যসূত্ৰ

  1. ↑ Gallucci, S; Lolkema, M; Matzinger, P. (November 1999). Natural adjuvants: endogenous activators of dendritic cells. Nature Medicine. পৃ. 1249–55

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিজন” প্ৰবন্ধৰ সংশোধন ২৪৪৬৩৫ (২৭ আগষ্ট ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।