গ্লিচাৰল (ইংৰাজী ভাষা: Glycerol) এবিধ বৰণহীন, গোন্ধহীন,গাঢ়, তেলেতীয়া, মিঠা সোৱাদযুক্ত তৰল পদাৰ্থ৷ ইয়াৰ IUPAC নাম প্ৰপেন-1,2,3-ট্ৰাইঅ'ল। পানীত বিশেষভাৱে দ্ৰৱণীয়৷ তদুপৰি পানীৰ প্ৰতি ইয়াৰ আকৰ্ষণ ইমান বেছি যে আৰ্দ্ৰ বায়ুৰ পৰা ই নিজৰ ওজনৰ আধা জলীয় বাষ্প শোষণ কৰিব পাৰে৷ চাবোন শিল্পত গ্লিচাৰল প্ৰধান উপজাত দ্ৰব্য (by product) হিচাপে পোৱা যায়৷ আজিকালি পেট্ৰ'ল শিল্পৰ উপজাত গেছৰ পৰাও গ্লিচাৰল সংশ্লেষণ হৈছে৷ প্লাষ্টিক,বিস্ফোৰক পদাৰ্থ,ঔষধ আদি নানা সামগ্ৰীৰ উৎপাদনত গ্লিচাৰলৰ যথেষ্ট ব্যৱহাৰ আছে৷ গ্লিচাৰলক ʼগ্লিচাৰিনʼ (glycerine, glycerin) বুলিও জনা যায়৷১
তথ্যসূত্ৰ
- ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),শান্তনু কৌশিক বৰুৱা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্লিচাৰল” প্ৰবন্ধৰ সংশোধন ১৬০৭০২ (২ জুলাই ২০১৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।