গতি
৫ প্ৰবন্ধ
-
গতি
পদাৰ্থ বিজ্ঞানৰ সূত্ৰ অনুসৰি গতি বা চলনৰ (Motion) অৰ্থ হ'ল কোনো এক বস্তুৱে সময়ৰ সৈতে স্থান সলনি কৰা।
-
গতি শক্তি
পদাৰ্থ বিজ্ঞানত গতি শক্তি (Kinetic energy) হৈছে কোনো পদাৰ্থৰ গতিৰ ফলত উৎপন্ন হোৱা শক্তি। নিৰ্দিষ্ট ভৰৰ কোনো পদাৰ্থ এটাক স্থিৰাৱস্থাৰ পৰা উক্ত বেগলৈ ত্বৰিত কৰিবলৈ প্ৰয়োজন হোৱা কাৰ্যই তাৰ গতিশক্তি বুলি সংজ্ঞাবদ্ধ কৰা হয়।
-
দ্ৰুতি
দৈনন্দিন জীৱন আৰু গতিবিজ্ঞানত, দ্ৰুতি হৈছে কোনো বস্তুৰ বেগৰ পৰিমাপ(magnitude) আৰু ই এটা স্কেলাৰ ৰাশি। এক নিৰ্দিষ্ট সময়সীমাত কোনো এক বস্তুৱে অতিক্ৰম কৰা মুঠ দূৰত্বক উক্ত সময়সীমাৰে হৰণ কৰিলে গড় দ্ৰুতি পোৱা যায়।
-
সৰণ
সৰণ হৈছে এক ভেক্টৰ যিয়ে কোনো বস্তুৰ প্ৰাৰম্ভিক স্থান আৰু অন্তিম স্থানৰ মাজৰ সৰ্বনিম্ন দূৰত্বক সূচায়। ইয়াৰ লগত দিশ জড়িত হৈ থাকে আৰু প্ৰাৰম্ভিক অৱস্থানৰ পৰা অন্তিম অৱস্থানলৈ এডাল কাল্পনিক সৰলৰেখাৰ দূৰত্বক নিৰ্দেশ কৰে।
-
প্ৰক্ষেপ্য গতি
ভূপৃষ্ঠৰ পৰা কোনো এটা বস্তু অথবা কণা (প্ৰক্ষেপ্য) বায়ুমণ্ডললৈ প্ৰক্ষেপ কৰিলে কেৱল মহাকৰ্ষণৰ প্ৰভাৱত (বায়ুৰ ৰোধৰ প্ৰভাৱ নগণ্য বুলি ধৰা হৈছে) প্ৰক্ষেপ্যটোৱে বক্ৰৰেখাৰ পথেৰে গতি কৰে আৰু এই গতিকেই প্ৰক্ষেপ্য গতি (ইংৰাজী: Projectile motion) বুলি কোৱা হয়।