ৰাজনীতি বিজ্ঞান
১৮ প্ৰবন্ধ
-
গণতন্ত্ৰ
গণতন্ত্ৰ (Democracy) হ’ল কোনো ৰাষ্ট্ৰৰ (বা কোনো সংগঠনৰ) এনে এটি শাসন ব্যৱস্থা য'ত প্ৰত্যেক নাগৰিকৰ নীতি নিৰ্ধাৰণ বা চৰকাৰী প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত সমান অধিকাৰ থাকে।
-
ৰাজনীতি
ৰাজনীতি (Politics) হৈছে গোটত নিৰ্ণয় লোৱা, বা ব্যক্তিৰ মাজত অন্যান্য প্ৰকাৰৰ শক্তি সম্পৰ্কৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপৰ সংহতি, যেনে সম্পদ বা স্থিতি বিতৰণ। ৰাজনীতিৰ শৈক্ষিক অধ্যয়নক ৰাজনীতি বিজ্ঞান বুলি কোৱা হয়।
-
চৰকাৰ
চৰকাৰ (Government) হ'ল কোনো দেশৰ সৰ্বোচ্চ সংস্থা তথা কৰ্তৃপক্ষ যাৰ মাধ্যমৰে দেশখনৰ শাসন কাৰ্য পৰিচালিত হয়। গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি, যেনে সংসদীয় সদস্যৰ দ্বাৰা গঠিত হয়।
-
নাগৰিকত্ব
নাগৰিকত্ব (citizenship) হৈছে এজন ব্যক্তিক এখন সাৰ্বভৌম দেশে ইয়াৰ নিজস্ব আইনৰ অধীনত প্ৰদান কৰা সদস্যপদ। ৰাষ্ট্ৰসংঘৰ মতে নাগৰিকত্ব হৈছে "এখন দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰাৰ অধিকাৰৰ প্ৰতি স্বীকৃতি"। টি.এইচ.
-
মাধ্যিকা মতদাতা উপপাদ্য
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত মাধ্যিকা মতদাতা উপপাদ্যই কয় যে যদি কোনো সমষ্টিত অধিকতা মতদান ব্যৱহাৰ কৰা হয় (অৰ্থাৎ, সৰ্বাধিক ভোট লাভ কৰা প্ৰতিযোগী বিজয়ী হয়), কেৱল দুই প্ৰতিদ্বন্দ্বী আছে আৰু সকলো মতদাতাৰ অগ্ৰাধিকাৰ সম্বন্ধৰ এটি শৃংগ আছে, তেন্তে দুয়ো প্ৰতিদ্বন্দ্বীয়ে প্ৰত্যেক নীতিত একেই স্থিতি…
-
সোঁপন্থী ৰাজনীতি
সোঁপন্থী ৰাজনীতি (Right-Wing Poltics) হৈছে এনে ৰাজনৈতিক মতাদৰ্শৰ পৰিসৰ যিয়ে কিছুমান সামাজিক ব্যৱস্থা আৰু স্তৰক অনিবাৰ্য, স্বাভাৱিক, স্বাভাৱিক বা বাঞ্ছনীয় বুলি ভাবে, সাধাৰণতে প্ৰাকৃতিক আইন, অৰ্থনীতি, কৰ্তৃত্ব, সম্পত্তি, ধৰ্ম বা পৰম্পৰাৰ ওপৰত ভিত্তি কৰি এই স্থিতি সমৰ্থন কৰে।
-
একসদনবাদ
একসদনবাদ (unicameralism) (লেটিন: Uni (ইউনি)- "এক" + Camera (কেমেৰা)- "সদন") হৈছে শাসনপদ্ধতিত প্ৰচলিত একক বিধায়িনী বা এক সংসদীয় কক্ষ থকাৰ এক প্ৰথা বা পদ্ধতি। গতিকে, একসদনীয় সংসদ বা বিধানসভা হৈছে এক প্ৰকাৰ বিধায়িনীসভা য'ত এটা কক্ষ, সদন বা ঘৰ থাকে।
-
কাৰ্যপালিকা
কাৰ্য্যপালিকা(Executive (Government)) হৈছে চৰকাৰৰ এটা অংশ যিয়ে আইন কাৰ্যকৰী বা বলবৎ কৰে।গণতান্ত্ৰিক শাসন ব্যৱস্থাত কাৰ্যপালিকাক চৰকাৰ এটা অপৰিহাৰ্য অংগ বুলি গন্য কৰা হয়।
-
সাৰ্বভৌমত্ব
সাৰ্বভৌমত্ব (Sovereignty) ৰাষ্ট্ৰৰ সৰ্বময় কৰ্তৃত্বসূচক ক্ষমতাক সাৰ্বভৌমত্ব বোলা হয়। ই ৰাষ্ট্ৰৰ আটাইতকৈ উল্লেখযোগ্য আৰু অপৰিহাৰ্য উপাদান। ৰাষ্ট্ৰ আৰু অন্যান্য সামাজিক অনুষ্ঠানৰ মাজত প্ৰভেদ নিৰ্ণয় কৰা হয় সাৰ্বভৌমত্বৰ দ্বাৰা। সাৰ্বভৌমত্বৰ প্ৰকৃত অৰ্থ সৰ্বোচ্চ ক্ষমতা।
-
অণুৰাষ্ট্ৰ
অণুৰাষ্ট্ৰ বা মাইক্ৰ’ষ্টেট হ’ল এনে এক ৰাজনৈতিক সত্তা, যাৰ সদস্যসকলে নিজকে কোনো স্বতন্ত্ৰ জাতি বা সাৰ্বভৌম ৰাষ্ট্ৰৰ বুলি দাবী কৰে, কিন্তু বিশ্ব চৰকাৰ বা প্ৰধান আন্তৰ্জাতিক সংগঠনৰ আইনী স্বীকৃতি নাপায়। বেছিভাগেই ভৌগোলিকভাৱে অতি সৰু, এক বৰ্গফুটৰ পৰা পাঁচ লাখ বৰ্গমাইলৰ আকাৰৰ।
-
অভাৰট'ন খিৰিকী
অভাৰটন খিৰিকী (Overton Window) হৈছে এটা নিৰ্দিষ্ট সময়ত মূলসুঁতিৰ জনসাধাৰণৰ বাবে ৰাজনৈতিকভাৱে গ্ৰহণযোগ্য নীতিৰ পৰিসৰ। ইয়াক বক্তৃতাৰ খিৰিকী বুলিও জনা যায়।
-
নীটা ক্ৰ'ফ'ৰ্ড
নীটা চি. ক্ৰ'ফ'ৰ্ড (জন্ম: ১৯৬১) হৈছে এগৰাকী আমেৰিকান ৰাজনৈতিক বিজ্ঞানী। তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মণ্টেগু বাৰ্টন অধ্যাপিকা আৰু বেলিয়ল কলেজত প্ৰফেছৰিয়েল ফেল'শ্বিপ ধাৰণ কৰিছে, ইয়াৰ পূৰ্বে তেওঁ বষ্টন বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যাপিকা আৰু বিভাগীয় মুৰব্বী…
-
পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্য
ৰাজনীতি বিজ্ঞান, অৰ্থনীতি আৰু খেল তত্ত্বত পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্য এনে এক পৰিস্থিতি য'ত দুই খেলুৱৈয়ে যুদ্ধও নকৰে আৰু যুদ্ধৰ আহিলা ত্যাগো নকৰে। এনে দেখা যায় সেই পৰিস্থিতিত য'ত দুয়ো খেলুৱৈৰ ওচৰতে এনে বিধ্বংসী কৌশল অৱলম্বন কৰাৰ ক্ষমতা থাকে যে প্ৰতিদ্বন্দ্বীয়ে যুদ্ধ কৰিলে নিজৰেই ধ্বংস…
-
বাঁওপন্থী ৰাজনীতি
বাঁওপন্থী ৰাজনীতিয়ে (Left-Wing Politics) সামাজিক সমতা আৰু সমতাবাদক সমৰ্থন কৰে৷ তেওঁলোকে লাভাৰ্জন কৰিব বিচৰা ৰাজনৈতিক মতাদৰ্শৰ পৰিসৰ আৰু তেনেধৰণৰ চিন্তাৰ ওপৰত প্ৰতিষ্ঠিত সামাজিক স্তৰবৃত্তৰ সামগ্ৰিকভাৱে বিৰোধিতা কৰে৷ অৰ্থনীতিৰ এমেৰিটাছ অধ্যাপক বেৰী ক্লাৰ্কৰ মতে বাওঁপন্থী ৰাজনীতিৰ সমৰ্থকসকলে "দাবী…
-
ভাৰতত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণ
‘ৰাজনৈতিক অংশগ্ৰহণ’ শব্দটোৰ অৰ্থ অতি বহল। ই কেৱল ‘ভোটাধিকাৰ’ৰ সৈতে জড়িত নহয়৷ সমান্তৰালভাৱে ইয়াৰ সৈতে জড়িত হৈ আছে:সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া, ৰাজনৈতিক সক্ৰিয়তা, ৰাজনৈতিক চেতনা ইত্যাদি।
-
সেউজ ৰাজনীতি
সেউজ ৰাজনীতি (ইংৰাজী: Green politics) বা পাৰিস্থিতিক ৰাজনীতি হৈছে এক বিশ্বজোৰা ৰাজনৈতিক মতাদৰ্শ, যি পৰিৱেশবাদ, অহিংসা, সামাজিক ন্যায় আৰু তৃণমূল গণতন্ত্ৰৰ দৰে মূল নীতিৰ ওপৰত প্ৰতিষ্ঠিত।
-
হোম ৰুল
হোম ৰুল বা স্বশাসন (Home rule) হৈছে কোনো উপনিবেশ, নিৰ্ভৰশীল দেশ বা অঞ্চলৰ নিজৰ নাগৰিকৰ দ্বাৰা পৰিচালিত চৰকাৰ। এইদৰে ৰাজ্য বা বাহ্যিক নিৰ্ভৰশীল দেশৰ কোনো এটা অংশৰ (প্ৰশাসনিক বিভাগ) ক্ষমতাই নিজৰ প্ৰশাসনিক এলেকাৰ ভিতৰত ৰাজ্যখনৰ এনে শাসন ক্ষমতা প্ৰয়োগ কৰাটো কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে বিকেন্দ্ৰীকৰণ…
-
ৰাজনৈতিক কবিতা
ৰাজনৈতিক কবিতাই (Political Poetry) ৰাজনীতি আৰু কবিতাক একত্ৰিত কৰে। ডেভিদ অৰৰ "দ্য পলিটিক্স অৱ পয়েট্ৰি"ৰ মতে, কবিতা আৰু ৰাজনীতি প্ৰকাশ আৰু অনুভূতিৰ জৰিয়তে সংযোগ ঘটায়, যদিও দুয়োটাই ব্যাখ্যাযোগ্য বিষয়। ৰাজনৈতিক কবিতাই মানুহৰ অনুভূতিৰ লগত সংযোগ ঘটায়, আৰু ৰাজনীতিয়ে সাম্প্ৰতিক ঘটনাৰ লগত সংযোগ কৰে।