চন্দ্ৰ বা জোন পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ। চন্দ্ৰ সৌৰজগতৰ বৃহৎ উপগ্ৰহসমূহৰ অন্যতম, আৰু গ্ৰহৰ আকাৰ আৰু উপগ্ৰহৰ আকাৰৰ অনুপাতৰ ক্ষেত্ৰত সৌৰজগতৰ ভিতৰতে সৰ্ববৃহৎ। চন্দ্ৰৰ উৎপত্তি প্ৰায় ৪৫০ কোটি বৰ্ষৰ পূৰ্বে হোৱা বুলি ধাৰণা কৰা হয়। চন্দ্ৰৰ উৎপত্তিৰ বিষয়ে বিভিন্ন জনে অনুমান কৰিছে। সবাটোকৈ জনপ্ৰিয় অনুমান হ'ল যে ই পৃথিৱী আৰু মংগল গ্ৰহৰ সমান ডাঙৰ গ্ৰহ থেইয়াৰ সংঘৰ্ষৰ বাবে সৃষ্ট আৱৰ্জনাৰ পৰা উৎপত্তি। চন্দ্ৰৰ এফালহে পৃথিৱীৰ দিশে। কাৰণ তুল্যকালিক ঘূৰ্ণন। পৃথিৱীৰ দ্ৰষ্টাৰ বাবে ই আকাশৰ দ্বিতীয় উজ্জৱলতম বস্তু। যদিও চন্দ্ৰ প্ৰকৃততে অন্ধকাৰময়, চন্দ্ৰক জ্যোতিৰ্ময় যেন দেখা পোৱা যায় কাৰণ ইয়াৰ পোহৰ প্ৰতিফলন কৰাৰ ক্ষমতা আস্ফাল্টতকৈ অলপ অধিক।
আকাশত চন্দ্ৰৰ প্ৰাধান্যই চন্দ্ৰক কলাত্মক, ধাৰ্মিক, পঞ্জিকা সম্বন্ধীয় আৰু ভাষিক দিশত অত্যধিক প্ৰভাৱ পেলাইছে। চন্দ্ৰৰ মধ্যাকৰ্ষণে বাবে সাগৰত জোৱাৰ আদিৰ সৃষ্টি কৰে। জোনৰ পৃথিৱীৰপৰা দূৰত্ব প্ৰায় পৃথিৱীৰ ব্যাসৰ ৩০ গুণ। পৃথিৱীৰপৰা চন্দ্ৰৰ আকাৰ প্ৰায় সূৰ্যৰ সমান যেন দেখা পায়, সেয়ে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ সম্ভৱ।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৬০৮১৩৪ (২৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।