ৰূপ হৈছে এবিধ মৌলিক পদাৰ্থ। ইয়াৰ পাৰমাণবিক সংখ্যা - ৪৭।
নামকৰণ
এছিৰীয় শব্দ "serpu" নাইবা গথজাতিৰ ভাষাৰ "silbur" পৰা চিলভাৰ শব্দটো আহিছে যি ৰূপৰ ইংৰাজী প্ৰতিশব্দ। ৰূপৰ বৈজ্ঞানিক নাম আৰ্জেণ্টাম (argentum) শব্দটো লেটিন ভাষাৰ যিটো সম্ভৱতঃ সংস্কৃত শব্দ আৰ্জেণ্টাৰ পৰা আহিছে। সংস্কৃত ভাষাৰ আৰ্জেণ্টা শব্দৰ অৰ্থ "পোহৰৰ দৰে উজ্জ্বল"।
মূল্যমান
২০১২ চনৰ ১ আগষ্টত বজাৰ দৰ অনুযায়ী প্ৰতি ট্ৰয় আউন্স সমপৰিমাণৰ ৰূপৰ দাম আছিল $২৭.৫০ আমেৰিকান ডলাৰ। সোণৰ দামৰ লগত ৰূপৰ দামৰ অনুপাত আছিল ১:৫৮।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপ” প্ৰবন্ধৰ সংশোধন ৩৬৮৪৮৩ (১২ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।