অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

বুধ গ্ৰহ

বুধ (ইংৰাজী Mercury; (মাৰ্কিউৰী) সৌৰজগতৰ প্ৰথম আৰু ক্ষুদ্ৰতম গ্ৰহ। এই গ্ৰহটো সূৰ্যৰ সবাতোকৈ নিকটতম গ্ৰহ। ইয়াৰ কোনো উপগ্ৰহ নাই। বুধে নিজ মেৰুদণ্ডৰ ওপৰত এবাৰ ঘুৰিবলৈ ৫৮.৬৫ পৃথিৱী-দিন সময় লয়৷ এই গ্ৰহটোৱে সূৰ্যক প্ৰতি ৮৮ দিনে এবাৰকৈ প্ৰদক্ষিণ কৰে।

হালনাগাদ: ৩১ ডিচেম্বৰ ২০২৪ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

বুধ (ইংৰাজী Mercury; (মাৰ্কিউৰী) সৌৰজগতৰ প্ৰথম আৰু ক্ষুদ্ৰতম গ্ৰহ। এই গ্ৰহটো সূৰ্যৰ সবাতোকৈ নিকটতম গ্ৰহ। ইয়াৰ কোনো প্ৰাকৃতিক উপগ্ৰহ নাই। বুধে নিজ মেৰুদণ্ডৰ ওপৰত এবাৰ ঘুৰিবলৈ ৫৮.৬৫ পৃথিৱী-দিন সময় লয়৷ এই গ্ৰহটোৱে সূৰ্যক প্ৰতি ৮৮ দিনে এবাৰকৈ প্ৰদক্ষিণ কৰে। ইয়াৰ উজ্জ্বলতাৰ আপাত মান-২.০ আৰু ৫.৫ পৰ্যন্ত হয় থাকে। কিন্তু এই গ্ৰহক পৃথিৱীৰ পৰা সহজে দেখা নাযায়, কাৰণ সুৰ্যৰ সৈতে ইয়াৰ বৃহত্তম কৌণিক পাৰ্থক্য হৈছে মাত্ৰ ২৮.৩ ডিগ্ৰী। কেৱল ৰাতিপূৱা আৰু সন্ধিয়াৰ সময়ত ক্ষীণ আলোকত ইয়াক দেখা যায়। গ্ৰহটিৰ সম্বন্ধে তুলনামূলকভাৱে অনেক কম তথ্য পোৱা গৈছে। বুধৰ দিশে অগ্ৰসৰ হোৱা এতিয়ালৈকে একমাত্ৰ মহাকাশযান হৈছে মেৰিনাৰ ১০ যিখন ১৯৭৪ - ১৯৭৫ চনত অভিযান চলাইছিল।

সূৰ্যৰ পৰা বুধৰ গড় দূৰত্ব প্ৰায় ৫,৭৫,৬৪,০০০ কিলোমিটাৰ৷ বুধৰ পৃষ্ঠভাগ শিলাময়, শুকান৷ ইয়াত ঠায়ে ঠায়ে বহল সমভুমি, থিয় গৰা আৰু দ ফাঁক আদিও পোৱা যায়৷ দিনৰ ভাগত বুধৰ তাপমাত্ৰা বাঢ়ি গৈ প্ৰায় ৩৪২ ডিগ্ৰী চেলছিয়াছ হয়গৈ৷ এইদৰে ৰাতিৰ ভাগত অতি কমি প্ৰায় -১৯৩ ডিগ্ৰী চেলছিয়াছ মান হয়৷

সূৰ্যক প্ৰদক্ষিণ কৰি থকা অৱস্থাত বুধগ্ৰহ আৰু পৃথিৱীৰ এখন তুলনামূলক চলন্ত চিত্ৰ
সূৰ্যক প্ৰদক্ষিণ কৰি থকা অৱস্থাত বুধগ্ৰহ আৰু পৃথিৱীৰ এখন তুলনামূলক চলন্ত চিত্ৰছবি: Lookang many thanks to author of original simulation = Todd K. Timberlake author · CC BY-SA 3.0

সম্পৰ্কিত শ্ৰেণী

গ্ৰহসৌৰজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুধ গ্ৰহ” প্ৰবন্ধৰ সংশোধন ৪৬০২৫০ (৩১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।