“ৱাল্টাৰ লুইনৰ পদাৰ্থ বিজ্ঞানৰ শ্ৰেণীকোঠাৰ পাঠসমূহ” হৈছে এম আই টিৰ পদাৰ্থবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৱাল্টাৰ লুইনে তিনিটা পাঠ্যক্ৰমৰ ওপৰত আগবঢ়োৱা শ্ৰেণীকোঠাৰ ভিডিঅ ৰূপ। এই পাঠ্যক্ৰমকেইটাৰ ভিতৰত আছে ধ্ৰুপদীয় বলবিদ্যা, বিদ্যুৎ, চুম্বকত্ব, তৰংগ আৰু দোলন, আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ আৰম্ভণিৰ কিছুসংখ্যক পাঠ। এই প্ৰক্ৰিয়াটোৰ আৰম্ভণি এম আই টিৰ যোগেদি হৈছিল আৰু কেইবা নিযুত ছাত্ৰ ছাত্ৰী, শিক্ষক, ন শিকাৰুৰ বাবে এই পাঠসমূহ যথেষ্ট লাভজনক বিবেচিত হৈছে। অৱশ্যে ২০১৪ চনৰ শেষৰফালে লুইন এক যৌন আতিশয্যৰ গোচৰত অভিযুক্ত প্ৰমাণিত হোৱাৰ পাছত এম আই টিৰ মুক্ত শিক্ষা প্ৰণালীৰ ৱেবছাইটৰ পৰা এই ভিডিঅসমূহ আঁতৰাই পেলোৱা হয়১ যদিও অন্য কিছুমান মুক্ত শিক্ষা প্ৰণালীৰ ৱেৱছাইটত এতিয়াও উপলব্ধ।
ধ্ৰপদীয় বলবিদ্যা
৮.০১ হৈছে প্ৰথম ষাণ্মাষিকৰ ছাত্ৰ ছাত্ৰসকলৰ বাবে নিৰ্ধাৰিত পদাৰ্থবিজ্ঞানৰ পাঠ্যক্ৰম যত নিউটনীয় বলবিদ্যা, তৰল পদাৰ্থৰ বিজ্ঞান আৰু গেছৰ গতিতত্ত্ব অন্তৰ্ভুক্ত কৰা হৈছে। এইসমূহৰ উপৰিও পাঠ্যক্ৰমটোত থকা আৰু কিছুমান উল্লেখনীয় বিষয় হৈছে- দ্বৈত তৰা, নিউট্ৰন তৰা, কৃষ্ণগহ্বৰ, অনুনাদ প্ৰক্ৰিয়া, সংগীতৰ বাদ্যযন্ত্ৰ, ষ্টেলাৰ কলাপছ, ছুপাৰন’ভা ইত্যাদি।
বিদ্যুৎ আৰু চুম্বকত্ব
৮.০২ হৈছে দ্বিতীয় ষাণ্মাষিকৰ ছাত্ৰসকলৰ বাবে নিৰ্ধাৰিত পদাৰ্থ বিজ্ঞানৰ পাঠ্যক্ৰম। এই পাঠ্যক্ৰমৰ ৩৬টা ভিডিঅসংযুক্ত লুইনৰ শ্ৰেণীকোঠাৰ ভিডিঅসমূহ ২০০২ চনত এম আই টিত বাণীবদ্ধ কৰা হৈছিল। এই বিষয়বস্তুসমূহৰ ভিতৰত কিছুমান উল্লেখনীয় হৈছে- বজ্ৰপাত, পেছমেকাৰ, বৈদ্যুতিক শ্বক আৰু নিৰাময়, মেটেল ডিটেক্টৰ, বুলেট ট্ৰেইন, বৈদ্যুতিক মটৰ, ৰেডিঅ, দূৰদৰ্শন, টেলিস্ক’প, নীলা আকাশ, ৰামধেনু, ডপলাৰ পৰিঘটনা ইত্যাদি।
দোলন আৰু তৰংগ
৮.০৩ ৰ পাঠ্যক্ৰমত তৰংগ আৰু দোলনৰ প্ৰক্ৰিয়াসমূহৰ বিষয়ে দিয়া হৈছিল আৰু এই পাঠ্যক্ৰমটোত থকা অন্যতম বিষয়সমূহ আছিল – সৰল দোলন গতি, সমাৰোপণ, অনুনাদ, মেক্সৱেলৰ সমীকৰণৰ সমাধান, স্নেলৰ সূত্ৰ, হাইজেনৰ সূত্ৰ ইত্যাদি।
তথ্যসূত্ৰ
- ↑ Juan Esteban Cajigas Jimenez. (December 9, 2014). MIT removes professor’s online lectures after harassment charge. Boston Globe
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাল্টাৰ লুইন পদাৰ্থ বিজ্ঞান শ্ৰেণীকোঠাৰ পাঠসমূহ” প্ৰবন্ধৰ সংশোধন ২৩৭৩৮৭ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।