শিল হৈছে বিভিন্ন প্ৰকাৰৰ খনিজৰ সমন্বয়ত সৃষ্টি হোৱা ভূত্বক গঠনকাৰী পদাৰ্থ।১
শিলৰ প্ৰকাৰভেদ
উৎপত্তি আৰু গঠন অনুসৰি শিলসমূহক তিনিটা প্ৰধান শ্ৰেণীত ভাগ কৰা হয়।
- আগ্নেয় শিল (Igneous rock): গলিত মেগমা বা লাভা ভূ-অভ্যন্তৰত নাইবা ভূ-পৃষ্ঠত ঠাণ্ডা হৈ গোটমাৰি যি শিল গঠন কৰে তাকে আগ্নেয় শিল বোলে। যেনে- বেছাল্ট, গ্ৰেনাইট, ছিয়েনাইট ইত্যাদি। আগ্নেয় শিল দুই প্ৰকাৰৰ- ১) বহিঃজাত শিলা (plutonic rock), ২) অন্তঃজাত শিলা (volcanic rock)।
- গেদীয় শিল (Sedimentary rock): আগ্নেয় বা ৰূপান্তৰিত শিল বিভিন্ন ভাৱে ক্ষয়ীপ্ৰাপ্ত হৈ নিম্নভূমিত গেদৰূপে সঞ্চিত আৰু জমা হৈ যি শিল তৈয়াৰী কৰে তাকে গেদীয় শিল বোলে। যেনে: বেলে পাথৰ (sandstone), ছেল (shale) আদি।
- ৰূপান্তৰিত শিল (Metamorphic rock): আগ্নেয় শিলা অত্যধিক তাপ আৰু চাপৰ ফলত পৰিবৰ্তিত হৈ যি নতুন শিলৰ গঠন কৰে তাকে ৰূপান্তৰিত শিল বোলে। যেনে: মাৰ্বল (marble), শ্লেট (slate) আদি।
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ (৩ জুন ২০১৯). How rocks are formed
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিল” প্ৰবন্ধৰ সংশোধন ৪২৬৪০০ (২২ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।