অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

পৰ্যাবৃত্ত তালিকা

পৰ্য্যাবৃত্ত তালিকা হৈছে পৰমাণু সংখ্যা অনুসৰি ৰাসায়নিক মৌলসমূহ(এতিয়ালৈকে আৱিষ্কৃত ১১৮ টা) সজোৱা তালিকা। তালিকাখনত ১৮টা থিয় শাৰী আৰু ৭টা পথালি শাৰী আছে। একোটা থিয় শাৰীক গ্ৰুপ বা বৰ্গ আৰু পথালি শাৰীক পিৰিয়ড বা পৰ্য্যায় বোলে।

হালনাগাদ: ২৫ জুলাই ২০২৫ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

পৰ্য্যাবৃত্ত তালিকা হৈছে পৰমাণু সংখ্যা অনুসৰি ৰাসায়নিক মৌলসমূহ(এতিয়ালৈকে আৱিষ্কৃত ১১৮ টা) সজোৱা তালিকা। তালিকাখনত ১৮টা থিয় শাৰী আৰু ৭টা পথালি শাৰী আছে। একোটা থিয় শাৰীক গ্ৰুপ বা বৰ্গ আৰু পথালি শাৰীক পিৰিয়ড বা পৰ্য্যায় বোলে। একোটা বৰ্গত থকা আটাইবোৰ মৌলৰ যোজ্যতা একে আৰু ৰাসায়নিক ধৰ্মও প্ৰায় সদৃশ। পৰ্য্যায় একোটাৰ বাওঁহাতৰ পৰা সোঁহাতলৈ মৌলবোৰৰ ধনাত্মকতা ক্ৰমান্বয়ে কমি যায়, ঋণাত্মকতা বাঢ়ি যায়। বহল পৰ্য্যাবৃত্ত তালিকাত লেন্থেন‍ইড আৰু এক্টিন‍ইডক ধৰি ৯টা পৰ্য্যায় আছে। ৰাছিয়াৰ বিজ্ঞানী ডিমিট্ৰি মেণ্ডেলীভে ১৮৬৯ চনত এই তালিকা পদ্ধতি উদ্ভাৱন কৰে। ১৯১৩ চনত হেনৰী ম’জেলে পাৰমাণবিক সংখ্যাৰ ভিত্তিত আধুনিক পৰ্য্যাবৃত্ত তালিকা প্ৰস্তুত কৰে।

সম্পৰ্কিত শ্ৰেণী

ৰসায়ন বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰ্যাবৃত্ত তালিকা” প্ৰবন্ধৰ সংশোধন ৫২৭২৩৭ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।