অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ইলেকট্ৰন

ইলেক্ট্ৰন (Electron; চিহ্ন: ) হৈছে একক ঋণাত্মক আধানযুক্ত এবিধ উপপাৰমাণৱিক কণা। লেপ্তন পৰিয়ালৰ অন্তৰ্ভুক্ত ইলেক্ট্ৰন হৈছে প্ৰথম প্ৰজন্মৰ কণা। ইলেক্ট্ৰনক প্ৰাথমিক কণাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় কাৰণ ইহঁতৰ কোনো উপাংশ বা উপগঠনৰ বিষয়ে জনা নাযায়।

হালনাগাদ: ৩ জানুৱাৰী ২০২১ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ইলেক্ট্ৰন (Electron; চিহ্ন: ) হৈছে একক ঋণাত্মক আধানযুক্ত এবিধ উপপাৰমাণৱিক কণা।১ লেপ্তন পৰিয়ালৰ অন্তৰ্ভুক্ত ইলেক্ট্ৰন হৈছে প্ৰথম প্ৰজন্মৰ কণা। ইলেক্ট্ৰনক প্ৰাথমিক কণাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় কাৰণ ইহঁতৰ কোনো উপাংশ বা উপগঠনৰ বিষয়ে জনা নাযায়। ইলেক্ট্ৰনৰ এক নিৰ্দিষ্ট ভৰ আছে যাৰ মান হৈছে প্ৰ'টনৰ ভৰৰ প্ৰায় ১/১৮৩৬। . কোৱাণ্টাম বলবিজ্ঞানৰ মতে ইলেক্ট্ৰনৰ অন্তৰ্নিহিত বা ঘূৰ্ণন কৌণিক ভৰবেগৰ মান হৈছে ১/২ ħ, অৰ্থৎ ইহঁত হৈছে ফাৰ্মায়ন। ফাৰ্মায়ন হোৱাৰ কাৰণে পাউলিৰ সূত্ৰ মতে দুটা ইলেক্ট্ৰনে কেতিয়াও এটা কোৱাণ্টাম স্তৰ অধিকাৰ কৰি থকিব নোৱাৰে। ইলেক্ট্ৰনে ইয়াৰ উপৰিও তৰংগ-কণা দ্বৈত ধৰ্ম দেখুৱাই, যাৰ কাৰণে পোহৰৰ দৰে ইহঁতে অন্য কণাৰ লগত সংঘৰ্ষ কৰি অপবৰ্তিত হয়। ইলেক্ট্ৰন জড়িত বিভিন্ন পৰীক্ষাতো ইয়াৰ ক্ষুদ্ৰ ভৰৰ কাৰণে এ‌ই দ্বৈত ধৰ্ম সুন্দৰকৈ দেখুৱায়।

তথ্যসূত্ৰ

  1. ↑ JERRY COFF

সম্পৰ্কিত শ্ৰেণী

মৌলিক কণা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলেকট্ৰন” প্ৰবন্ধৰ সংশোধন ২৫৭৬০২ (৩ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।