অণুজীৱ হ'ল সেইসকল ক্ষুদ্ৰ জীৱ যাক খালী চকুৰে মনিব নোৱাৰি ৷ এই জীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। এই জীৱসমূহ এককোষী, বহুকোষী উভয় প্ৰকাৰৰ হব পাৰে ৷ সকলো প্ৰকাৰৰ ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী, ভেঁকুৰ, এককোষী শেলাই আদি অণুজীৱৰ অন্তৰ্গত ৷
খালী চকুৰে দেখা নোপোৱা অণুজীৱৰ সম্ভাৱ্য অস্তিত্বৰ বিষয়ে প্ৰাচীন কালৰে পৰা সন্দেহ কৰা হৈছিল, যেনে খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ ভাৰতবৰ্ষৰ জৈন শাস্ত্ৰত এনে জীৱৰ উল্লেখ পোৱা যায়। ১৬৭০ চনত এণ্টনি ভান লিউৱেনহুকে অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা পৰ্যবেক্ষণ কৰাৰে পৰা অণুজীৱৰ বৈজ্ঞানিক অধ্যয়ন আৰম্ভ হৈছিল। ১৮৫০ চনত লুই পেষ্ট'ৰে অণুজীৱৰ ফলত খাদ্যৰ নষ্ট হোৱা বুলি গম পাইছিল, যাৰ ফলত স্বতঃস্ফূৰ্ত প্ৰজন্মৰ তত্ত্বক (Spontaneous generation) ভুল প্ৰমাণিত হৈছিল। ১৮৮০ চনত ৰবাৰ্ট কোচে আৱিষ্কাৰ কৰিছিল যে অণুজীৱৰ বাবেই যক্ষ্মা, কলেৰা, ডিপথেৰীয়া, এন্থ্ৰাক্স আদি ৰোগ হয়।
তথ্য সংগ্ৰহ
১. www.sciencedaily.com/articles/m/microorganism.ht
২. Microbiology: An Introduction, by Gerard J. Tortora, Berdell R. Funke, Christine L. Case, Benjamin-Cummings Publishing Company, 2009, ISBN 0321582039, 9780321582034
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অণুজীৱ” প্ৰবন্ধৰ সংশোধন ৪৬১৫৯৩ (৩ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।