লো হৈছে এটা মৌলিক পদাৰ্থ যাৰ পাৰমাণবিক সংখ্যা ২৬ আৰু ৰাসায়নিক সংকেত Fe। ই এক প্ৰকাৰৰ ধাতু। ধাতুসমূহৰ ভিতৰত প্ৰাচুৰ্যৰ দিশত প্ৰকৃতিত এলুমিনিয়ামৰ পিছতেই লো দ্বিতীয় স্থানত আছে। প্ৰকৃতিত বিশুদ্ধ লো বিৰল, ইয়াক সদায় অন্য ধাতুৰ সৈতে মিশ্ৰ ৰূপতহে পোৱা যায়।
যৌগসমূহ
বিশুদ্ধ লো জলীয়বাষ্পৰ উপস্থিতিত বায়ুমণ্ডলীয় অম্লজানৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি জলীয় ফেৰিক অক্সাইড (মামৰ) নামৰ পদাৰ্থলৈ পৰিণত হয়,
Fe+O2→H2O→Fe2O3·H2O
জৈবিক ভূমিকা
লো সচৰাচৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লো” প্ৰবন্ধৰ সংশোধন ২৩৬৩৭৫ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।