প্ৰাণী বিদ্যা হৈছে জীৱবিজ্ঞানৰ এটা শাখা। এই শাখাত সকলো প্ৰাণীৰ বিষয়ে গৱেষণা কৰা হয়।১ জীৱবিজ্ঞান বা জীৱবিজ্ঞানৰ যি শাখাত প্ৰাণীৰ বিষয়ে সম্যক আলোচনা আৰু বিভিন্ন তথ্য পৰিবেশিত কৰা হয় তাকে প্ৰাণী বিজ্ঞান বা প্ৰাণী বিদ্যা বোলে।
প্ৰাণী বিজ্ঞানত প্ৰাণীৰ শৰীৰৰ গঠন, ভ্ৰূণবিজ্ঞান, বিৱৰ্তন, শ্ৰেণীবিন্যাসৰ অভ্যাস আৰু জীৱন্ত আৰু বিলুপ্ত উভয় প্ৰাণীৰ বিস্তাৰ আৰু প্ৰজনন আদি সকলো বিষয় অধ্যয়ন কৰা হয়। প্ৰাণীবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ 'Zoology' প্ৰাচীন, গ্ৰীক অভিধানৰ পৰা আহৰণ কৰা হৈছে ( ζῷον, zōion, অৰ্থাৎ প্ৰাণী আৰু λόγος, logos, অৰ্থাৎ "জ্ঞান অধ্যয়ন")।১
প্ৰাণী বিজ্ঞানৰ বিভিন্ন শাখা
- অঙ্গসংস্থান
- শৰীৰস্থান
- শৰীৰবিদ্যা
- কোষবিদ্যা
- কলাসংস্থানবিদ্যা
- ভ্ৰূণবিদ্যা
- বংশগতিবিদ্যা
- শ্ৰেণীবিন্যাসবিদ্যা
- মৎস্য খেতি
- মৌমাখি পালন
- ৰেচম খেতি
- ফিতাকৃমিবিদ্যা
- পতঙ্গবিদ্যা
- মৎস্যবিদ্যা
- পক্ষীবিদ্যা
- স্তন্যপায়ীবিদ্যা
বহিঃসংযোগ
- Books on Zoology at Project Gutenberg
- Online Dictionary of Invertebrate Zoology
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাণীবিজ্ঞান” প্ৰবন্ধৰ সংশোধন ৪৩৯২৬১ (১৯ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।