মৌলিক সংখ্যা (prime number) হ'ল ১তকৈ ডাঙৰ কিছুমান স্বাভাৱিক সংখ্যা, যাৰ কেৱল দুটা পৃথক উৎপাদক আছে- ১ আৰু সেই সংখ্যাটো নিজেই অৰ্থাৎ মৌলিক সংখ্যা হ’ল একতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা য’ত ১ আৰু নিজক বাদ দি কোনো ধনাত্মক ভাজক নাথাকে। সৰল ভাষাত ক’বলৈ গ’লে, মৌলিক সংখ্যা হ’ল একতকৈ ডাঙৰ এটা সম্পূৰ্ণ সংখ্যা যাক ১ আৰু নিজেই বাদ দি আন কোনো সংখ্যাৰে সমভাৱে ভাগ কৰিব নোৱাৰি।
১-১০০ লৈকে মৌলিক সংখ্যা ২৫ টা
প্ৰথম ২৫টা মৌলিক সংখ্যা হ'লঃ ২, ৩, ৫, ৭, ১১, ১৩, ১৭, ১৯, ২৩, ২৯, ৩১, ৩৭, ৪১, ৪৩, ৪৭, ৫৩, ৫৯, ৬১, ৬৭, ৭১, ৭৩, ৭৯, ৮৩, ৮৯, ৯৭।
১-১০০ লৈকে মৌলিক সংখ্যাৰ যোগফল ১০৬০। ১-১০ লৈকে মৌলিক সংখ্যা ৪ টা।
মৌলিক সংখ্যা বাহিৰ কৰাৰ পদ্ধতি
২ ক বাদ দি আটাইবোৰ মৌলিক সংখ্যাই হৈছে অযুগ্ম। যিবোৰ অযুগ্ম সংখ্যা ১ আৰু নিজৰ বাহিৰে আন সংখ্যাৰে বিভাজ্য নহয় সেইবোৰেই হৈছে মৌলিক সংখ্যা।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌলিক সংখ্যা” প্ৰবন্ধৰ সংশোধন ৪২১৯০০ (২৯ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।