অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নৱাবগঞ্জ ৰাষ্ট্ৰীয় উদ্যান

নৱাবগঞ্জ ৰাষ্ট্ৰীয় উদ্যান (Nawabganj National Park) আই ইউ চি এনৰ চতুৰ্থ শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বাংলাদেশৰ এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন দিনাজপুৰ জিলাৰ অন্তৰ্গত নৱাবগঞ্জ উপজিলা সদৰৰপৰা প্ৰায় এক কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৬ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নৱাবগঞ্জ ৰাষ্ট্ৰীয় উদ্যান (Nawabganj National Park) আই ইউ চি এনৰ চতুৰ্থ শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বাংলাদেশৰ এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল।১ এই উদ্যানখন দিনাজপুৰ জিলাৰ অন্তৰ্গত নৱাবগঞ্জ উপজিলা সদৰৰপৰা প্ৰায় এক কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত।১

এই উদ্যানখনে নৱাবগঞ্জ বনাঞ্চলৰ জগন্নাথপুৰ, হৰিলাখুৰ, বৰা জালালপুৰ, আলোকধুটি, তৰ্পনঘাট, ৰাছুলপুৰ আৰু খাটখটিয়া কৃষ্টাপুৰ অঞ্চল সামৰি লৈছে।২ উদ্যানখনৰ প্ৰধান উদ্ভিদ হ'ল চেগুন আৰু শ্ব'ৰিয়া ৰবুষ্টা (শাল গছ); ২ ইয়াক স্থানীয়ভাৱে নৱাবগঞ্জ শাল বাগান বুলিও জনা যায়৩ বা 'শালবন বাগিছা'।৪ ইয়াৰ উপৰি গ্মেলিনা আৰ্ব'ৰিয়া, ইউকেলিপ্টাছ ৰেগনেন্স, চিজিজিয়াম কুমিনি, একেচিয়া অৰিকুলিফৰ্মিছ আৰু কেইবিধমান অৰ্কিডেচিয়াও আছে।২ বন্যপ্ৰাণীৰ ভিতৰত বংগ শিয়াল, হেপা, মেচেকা আৰু সাপ আদি।

উদ্ভিদ, প্ৰাণী আৰু প্ৰকৃতিৰ সংৰক্ষণ আৰু পৰ্যটনৰ সুবিধাসমূহৰ উন্নয়নৰ উদ্দেশ্যে বাংলাদেশ চৰকাৰে ২০১০ চনৰ ২৪ অক্টোবৰত এই উদ্যানখন আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।১৪৫ ইয়াৰ আয়তন ৫১৭.৬১ হেক্টৰ।১৫

তথ্যসূত্ৰ

  1. ↑ National Parks. bforest.gov.bd
  2. ↑ আৰ্কাইভ কপি. BDNews24
  3. ↑ bn:=এক নজৰে নবাবগঞ্জ. Nawabganj Upazila, Dinajpur District, Government of Bangladesh
  4. ↑ (6 June 2019). bn:=দিনাজপুৰেৰ শালবন উদ্যান এখন জাতীয় উদ্যান. Kaler Kantho
  5. ↑ Mohammad Kamal Hossain. Bangladesh National Conservation Strategy: Biodiversity Flora. Government of Bangladesh, Forests

সম্পৰ্কিত শ্ৰেণী

ৰাষ্ট্ৰীয় উদ্যানবাংলাদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱাবগঞ্জ ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫৭১৩৬৬ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।