বাঢৈ়য়াঢালা ৰাষ্ট্ৰীয় উদ্যান (Baroiyadhala National Park) আই ইউ চি এনৰ দ্বিতীয় শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বাংলাদেশৰ প্ৰকৃতি সংৰক্ষিত বনাঞ্চল।১ এই উদ্যানখন ঢাকা-চিটাগং ঘাইপথৰ পূব স্থানৰ চিটাগং জিলাৰ সীতাকুণ্ড উপজিলাত অৱস্থিত।১ ই বাংলাদেশত নোহোৱা হৈ যোৱা উদ্ভিদ আৰু প্ৰাণীৰ বাবে গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী কৰিডৰৰ ব্যৱস্থা কৰে। খোয়াচোৰা জলপ্ৰপাত বাঢৈ়য়াঢালা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আছে৷
২০১০ চনৰ ৬ এপ্ৰিলত বাংলাদেশ চৰকাৰে এই উদ্যানখন আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।১২ ইয়াৰ আয়তন ২৯৩৩.৬১ হেক্টৰ।২ এই উদ্যানৰ প্ৰাণীসমূহৰ ভিতৰত আছে মূল ভূখণ্ডৰ বনছাগলী, সুগৰী পহু, লতামাকৰি, অসমীয়া বান্দৰ, চীনা বনৰৌ, ডঁৰিক আদি বিভিন্ন প্ৰাণী।
তথ্যসূত্ৰ
- ↑ National Parks. bforest.gov.bd
- ↑ Biodievsrity Flora_NCS. bforest.portal.gov.bd
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঢৈ়য়াঢালা ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫৬৯৪০২ (১৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।