তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য (Trishna Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ দক্ষিণ ত্ৰিপুৰা জিলাৰ এখন বন্যপ্ৰাণী অভয়াৰণ্য।১
বিৱৰণ
১৯৪.৭ বৰ্গ কিলোমিটাৰ (৭৫.২ বৰ্গ মাইল) এলেকাজুৰি বিস্তৃত; এই অভয়াৰণ্যখন ১৯৮৮ চনত প্ৰথমে এখন সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।২
উদ্ভিদকুল আৰু প্ৰাণীকুল
এই অভয়াৰণ্যখনৰ উদ্ভিদবোৰ পৰ্ণপাতী আৰু অৰ্ধ-চিৰসেউজ অৰণ্যৰ অন্তৰ্ভুক্ত। ইয়াত পোৱা প্ৰধান বন্যপ্ৰাণীসমূহৰ ভিতৰত মেঠোন, হলৌ বান্দৰ, সোণালী বান্দৰ, টুপীমূৰীয়া বান্দৰ আৰু চৰাইবোৰৰ ভিতৰত দলমৰা, বগা বুকুৱা মাছৰোকা, ফেঁচু, পাতসিয়া, চুটীয়া শালিকা আদি উল্লেখযোগ্য।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৪৬৪৬৮৫ (১৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।