অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ঝুনঝুনি গছ

ঝুনঝুনি গছ, সাধাৰণতে ঘণ্টাকৰ্ণ অন্য ভাষাত চিকু চিকু (chique chique), গাৰ্গেলিম ব্ৰেভো (gergellim bravo), জাইণ্ট ষ্ট্ৰিয়াটা (giant striata), গুইজ-ডে-কাচকাভেল (guizo-de-cascavel), মাৰাকা-ডে-কব্ৰা (maraca-de-cobra), ৰেটল ৱিড (rattleweed), ৰেটল বক্স (rattlebox), স্মুথ ক্ৰটালেৰিয়া (smooth crotalaria),…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ঝুনঝুনি গছ, সাধাৰণতে ঘণ্টাকৰ্ণ অন্য ভাষাত চিকু চিকু (chique chique), গাৰ্গেলিম ব্ৰেভো (gergellim bravo), জাইণ্ট ষ্ট্ৰিয়াটা (giant striata), গুইজ-ডে-কাচকাভেল (guizo-de-cascavel), মাৰাকা-ডে-কব্ৰা (maraca-de-cobra), ৰেটল ৱিড (rattleweed), ৰেটল বক্স (rattlebox), স্মুথ ক্ৰটালেৰিয়া (smooth crotalaria), ষ্ট্ৰিকড ৰেটলপড (streaked rattlepod), আদি নামেৰে জনাজাত এই উদ্ভিদজোপা ফেবেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ।১২

এই গুল্মজাতীয় উদ্ভিদজোপা বাৰ্ষিক নাইবা অল্পজীৱি। ই প্ৰায় ১.৫ মিটাৰমান ওখ হয়। কাণ্ডত ক্ষুদ্ৰ ক্ষুদ্ৰ নোম থাকে। পাত তিনি পত্ৰিকাৰ প্ৰায় ২-৮.৫ চেমি দীঘল ঠাৰিত লাগি থাকে।, পত্ৰিকাবোৰ ডিম্বাকৃতিৰ। ফুল হালধীয়া, কেতিয়াবা ৰঙচুৱা হয়। এডাল দীঘল ঠাৰিত প্ৰায় ২০-৩০ পাহলৈকে ফুল ফুলে। ফল চিৰা চিৰা, মঙহাল, ভিতৰত ফোফোলা, প্ৰতি চিৰাত প্ৰায় ৩০-৪০ টালৈকে বীজ থাকে।৩

তথ্যসূত্ৰ

  1. ↑ Jesse Wagstaff, D. (2008-07-07). International Poisonous Plants Checklist. CRC Press. ISBN 9781420062526
  2. ↑ Crotalaria pallida (smooth crotalaria). www.cabi.org
  3. ↑ Crotalaria pallida Aiton, 1789

সম্পৰ্কিত শ্ৰেণী

গুল্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝুনঝুনি গছ” প্ৰবন্ধৰ সংশোধন ৬৩১৪২৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।