পানীটুকি চৰাই (Marsh babbler','Pellorneum palustre) ঘন বনেৰে ভৰা জলাহ বা পিতনি অঞ্চলত বাস কৰা এবিধ অতিকৈ বিৰল প্ৰজাতিৰ চৰাই৷ এই চৰাইবিধ কেৱল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাতহে দেখিবলৈ পোৱা যায় (endemic)৷
বিস্তৃতি
শেহতীয়া জৰীপত এই চৰাইবিধ অসমৰ শদিয়া, কাচাৰ, ডিমা হাচাও, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান,নামেৰী ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, আৰু পানী দিহিং বনাঞ্চলত দেখা পোৱা গৈছে৷১২
বিৱৰণ
পানীটুকি চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৫ ছেমি৷ ইয়াৰ গাৰ বৰণ মুগা আৰু পেটত ঘনকৈ ক’লা আঁচ থাকে৷ চৰাইবিধৰ চকুৰ চেলাউৰি আৰু ডিঙিটো চকুত পৰাকৈ বগা৷ ৩৪
আচৰণ
পানীটুকি চৰায়ে কীট-পতংগ খাই জীয়াই থাকে৷ ই ঘাইকৈ যোৰ পাতি বা কেতিয়াবা সৰু দলত ওখ বনৰে আবৃত জলাহ অঞ্চলত চৰে৷ এই চৰাইবধে বাৰিষা কালত প্ৰজনন কৰে৷ ইয়াৰ মাতটো ডাঙৰ আৰু সংগীতময়৷৩
সংৰক্ষণ
আই ইউ চি এনৰ ৰঙা তালিকাত পানীটুকি চৰাইক অসুৰক্ষিত (Vulnerable, VU) বুলি আখ্যা দিয়া হৈছে৷ ওখ বনেৰে পূৰ্ণ জলাশয় অঞ্চলৰ ধ্বংসপ্ৰাপ্তি এই চৰাইৰ বাবে প্ৰধান ভাবুকি বুলি জনা যায়৷ ২১
তথ্যসূত্ৰ
- ↑ BirdLife International (2020) Species factsheet: Pellorneum palustre. Downloaded from www.birdlife.org on 15/10/2020. Recommended citation for factsheets for more than one species: BirdLife International (2020) IUCN Red List for birds. Downloaded from www.birdlife.org on 15/10/2020
- ↑ {Author1, Author2...}, (n.d.). Pellorneum palustre Gould, 1872 . [online] India Biodiversity Portal,Species Page: {name of species field} Available at: indiabiodiversity.org/biodiv/species/show/239780 [Accessed date Oct 15, 2020]
- ↑ birdsoftheworld.org/bow/species/marbab2/cur/intr
- ↑ ebird.org/species/marbab2#:~:text=A%20small%2C%2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানীটুকি চৰাই” প্ৰবন্ধৰ সংশোধন ২৪৯৩৪৮ (১৫ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।