বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যান (Birganj National Park) বাংলাদেশৰ দিনাজপুৰ জিলাৰ বীৰগঞ্জ উপজিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।১২ ২০১১ চনৰ ১৪ ডিচেম্বৰত স্থাপন কৰা এই ৰাষ্ট্ৰীয় উদ্যানখন ১৬৮.৫৬ হেক্টৰ মাটিৰে গঠিত।৩
জীৱ বৈচিত্ৰ্য
বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰজাতিৰ গছ যেনে শাল, বেত, বাহ, শিমলু, শিশু আৰু সোণাৰু দেখা যায়। অৱশ্যে এই অৰণ্যৰ মূল গছ হৈছে শাল গছ। ইয়াৰ বাহিৰেও এই উদ্যানখনত বিভিন্ন প্ৰজাতিৰ চৰাই, সাপ, সৰীসৃপ আদি পোৱা যায়।৪
ভূপ্ৰকৃতি
এই শাল অৰণ্যৰ কাষেৰে ঢেপা নদী বৈ গৈছে।৪
তথ্যসূত্ৰ
- ↑ (১৭ ফেব্ৰুয়াৰি ২০২১). বাৰ্ষিক প্ৰতিৱেদন ২০১৮-১৯
- ↑ (১৭ ফেব্ৰুয়াৰি ২০২১). বাৰ্ষিক প্ৰতিৱেদন ২০১৭-১৮
- ↑ (August 26, 2013). Protected Areas of Bangladesh. বাংলাদেশ বন বিভাগ
- ↑ (২ আগষ্ট ২০১৭). ঐতিহাসিক বীৰগঞ্জ শালবন জাতীয় উদ্যান. জাতীয় তথ্য বাতায়ন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫৭১৪০৭ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।