বনপিঠা প্ৰাকৃতিকভাৱে হোৱা এবিধ চিৰসেউজীয়া উদ্ভিদ। ই পৃথিৱীৰ বিভিন্ন ঠাইত উপলব্ধ। সাধাৰণতে সমতলভূমিত নাতিশীতোষ্ণ জলবায়ুত বৃদ্ধি হোৱা এই উদ্ভিদ মাদাগাস্কাৰ, ভাৰত, শ্ৰীলংকা, থাইলেণ্ড, কম্বোডিয়া, লাউচ, ভিয়েটনাম, মালয়েছিয়া, ব্ৰুণেই ইণ্ডোনেছিয়া, ফিলিপাইন, পাপুৱা নিউগিনি, চ’ল’মন আইলেণ্ড আৰু কুইন্সলেণ্ড আদিত পোৱা যায়।১
বিৱৰণ
বনপিঠা গছজোপা প্ৰায় ২৫/৩০ মিটাৰ ওখ হয়। গা-গছ বা ডালবোৰৰ বাকলিৰ ৰং ছাইৰ দৰে। বনপিঠাৰ পাত সৰল, প্ৰায় ৭-৮ ছেণ্টিমিটাৰ দীঘল আৰু ৩-৩.৫ ছেণ্টিমিটাৰ বহল হয়। অসমত জুন-জুলাই মাহত ফুলধৰা গছবিধৰ ফল জানুৱাৰী-ফেব্ৰুৱাৰীত পকে। ফুলবোৰ বকুল ফুলৰ দৰে সৰু সৰু। কেঁচাতে সেউজীয়া বৰণৰ আৰু পকিলে হালধীয়া হোৱা ফলবোৰৰ আকৃতি গোলাকাৰ ৫-৬ ছেণ্টিমিটাৰ ব্যাসৰ। ফলবোৰ মঙহাল। এটা বনপিঠাৰ ফলত পাঁচটা বীজ থাকে আৰু আঠাযুক্ত কোমল বালীয়া অংশই আৱৰি ৰাখে।২
খাদ্যপ্ৰাণ
পকা বনপিঠা খাবলৈ মিঠা সোৱাদযুক্ত। ১০০ গ্ৰাম বনপিঠাৰ খাবলগীয়া অংশত ৫৬.৩ মিলিগ্ৰাম কেলছিয়াম, ৪৬.৮ মিলিগ্ৰাম ফছফৰাছ আৰু ৩ মিলিগ্ৰাম লো পোৱা যায়।২
উপকাৰিতা
বনপিঠাৰ ফল খালে শৰীৰৰ স্নায়ু সবল হয়। দাঁত আৰু হাড়ৰ গঠন মজবুত হয়। দৃষ্টিশক্তি আৰু স্মৃতিশক্তি বৃদ্ধিত সহায়ক হয়।২ লুপ্তপ্ৰায় এই ফলবিধ কফজনিত সমস্যাৰ বাবেও অতি উপকাৰী।৩
তথ্যসূত্ৰ
- ↑ F.A.Zich; B.P.M.Hyland; T.Whiffen. (2020). Donella lanceolata. Australian Tropical Rainforest Plants (RFK8). Centre for Australian National Biodiversity Research (CANBR), Australian Government
- ↑ গগৈ, সুনীল. (২০১৩). বিলুপ্তিৰ পথত বনপিঠা. প্ৰান্তিক
- ↑ আয়ুষ সঞ্চালকালয়. (২০১৮). সুস্বাস্থ্যৰ আধাৰ. অসম চৰকাৰ. পৃ. ৫০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনপিঠা” প্ৰবন্ধৰ সংশোধন ৪৪৮৯৩১ (২৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।