অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

দাঁত বিজলা

দাঁত বিজলা বা গাৰো দেওশাল (বৈজ্ঞানিক নাম: Dalbergia stipulacea) মজলীয়া আকাৰৰ এবিধ পৰ্ণপাতী গছ। অসমৰ প্ৰায়বোৰ বনভূমিতে দাঁত বিজলা গছৰ উৎপত্তি হয়।

হালনাগাদ: ২২ মে’ ২০২০ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

দাঁত বিজলা বা গাৰো দেওশাল (বৈজ্ঞানিক নাম: Dalbergia stipulacea) মজলীয়া আকাৰৰ এবিধ পৰ্ণপাতী গছ। অসমৰ প্ৰায়বোৰ বনভূমিতে দাঁত বিজলা গছৰ উৎপত্তি হয়।

উপপ্ৰজাতি

'Catalogue of Life' ৰ তালিকা অনুসৰি এই উদ্ভিদৰ তিনিটা উপপ্ৰজাতি দেখা পোৱা যায়।১

  • D. s. kurzii
  • D. s. mogkokensis
  • D. s. stipulacea

বিৱৰণ

দাঁত বিজলা মুকলিমুৰীয়া ঠাইত বিকশিত হয়। একোজোপা গছে ঠাল-ঠেঙুলি মেলি মেলাহি ৰূপ প্ৰদৰ্শন কৰে।২

ব্যৱহাৰ

দাঁত বিজলা কাঠৰ মান মধ্যমীয়া। পুৰঠ কাঠ ঘৰ সজা আৰু চকি, মেজ আদি প্ৰস্তুত কৰা কামত এই কাঠ ব্যৱহাৰ কৰিব পাৰি। পাহাৰী নদীৰ মাছ মাৰিবৰ বাবেে এইবিধ গছৰ শিপা পূৰ্বতে বিহ হিচাপে ব্যৱহাৰ কৰা হৈছিল কিন্তু বৰ্তমান মাছ ধৰিবলৈ বিহ প্ৰয়োগ আইনমতে দণ্ডণীয়।২

তথ্যসূত্ৰ

  1. ↑ Roskov Y., Kunze T., Orrell T., Abucay L., Paglinawan L., Culham A., Bailly N., Kirk P., Bourgoin T., Baillargeon G., Decock W., De Wever A., Didžiulis V. (ed). (2014). Species 2000 & ITIS Catalogue of Life: 2014 Annual Checklist.. Species 2000: Reading, UK
  2. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাঁত বিজলা” প্ৰবন্ধৰ সংশোধন ২৩০২৮৯ (২২ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।