মন ডিমৰু বা এৱাঁ ডিমৰু ''(Ficus fistulosa)১ মোৰেছি (Moraceae) পৰিয়ালৰ এবিধ সৰু আকাৰৰ ডিমৰু জাতীয় গছ২৷৩ এই গছজোপা অসমৰ পৰা টাইৱান, চীন, মালয়েছিয়া, ভিয়েটনাম আৰু নিউগিনি পৰ্যন্ত দেখা পোৱা যায়৷৪ ৫
বিৱৰণ
এই ডিমৰুৰ ঠাল-ঠেঙুলিবোৰ ফেৰেঙণি মেলি প্ৰায়ে জোপোহাৰ আকৃতি লয়৷ বাকলিৰ ৰং মুগা-চানেকীয়া আৰু উপৰভাগ সাধাৰণতে নিমজ৷
মন ডিমৰুৰ পাতৰ আকাৰ ডাঙৰ, গুৰিৰফালে বহল আৰু আগফালে ক্ৰমে সৰু বা ঠেক হৈ যোৱা দেখা যায়৷ পাতৰ দাঁতিত কোনো খাঁজ কটা দাগ নাথাকে৷ তলৰ লুটিত সাধাৰণতে ক্ষুদ্ৰ ক্ষুদ্ৰ ফুটা থাকে৷ পাতৰ ঠাৰিডাল অলপ দীঘল হয়৷৩
প্ৰজনন
মন ডিমৰুৰ পুং পুষ্পৰ সংখ্যা তুলনামূলকভাৱে কম৷ স্ত্ৰী-পুষ্পৰ গৰ্ভকেশৰত পুষ্পৰ ৰেণু সংস্থাপিত হৈ ফল ধৰে৷ ফলৰ আকাৰ সৰু হয়৷৩
তথ্যসূত্ৰ
- ↑ Blume CW (1825) In: Bijdr. Fl. Ned. Ind.: 470
- ↑ Roskov Y., Kunze T., Orrell T., Abucay L., Paglinawan L., Culham A., Bailly N., Kirk P., Bourgoin T., Baillargeon G., Decock W., De Wever A., Didžiulis V. (ed). (2014). Species 2000 & ITIS Catalogue of Life: 2014 Annual Checklist.. Species 2000: Reading, UK
- ↑ 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
- ↑ Plants of the World Online
- ↑ Phạm Hoàng Hộ (2003) Cây Cỏ Việt Nam: an Illustrated Flora of Vietnam vol. II publ. Nhà Xuẩt Bản Trẻ, HCMC, VN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মন ডিমৰু” প্ৰবন্ধৰ সংশোধন ১৯৫৩৬৯ (২০ মে’ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।