নীলা নাচনী চৰাই (Slaty-blue Flycatcher বৈজ্ঞানিক নাম-Ficedula tricolor) 'Muscicapidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি।
বিতৰণ
এই চৰাইবিধ ঘাইকৈ ভাৰত উপ-মহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ বাংলাদেশ, ভূটান, লাউচ, ম্যানমাৰ, নেপাল, পাকিস্তান, থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়।
বাসস্থান
এই চৰাইবিধে ঘাইকৈ ক্ৰান্তীয় আৰু অৰ্ধক্ৰান্তীয় সেমেকা অৰণ্যত বাস কৰে।
আচৰণ
প্ৰজনন
এই চৰাইবিধে গছৰ খোৰোঙত বাহ সাঁজি কণী পাৰে। এবাৰত চাৰিটাকৈ সাধাৰণতে কণী পাৰে। কণীবোৰৰ ৰং ধূসৰ বৰণীয়া হোৱা দেখা যায়৷১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলা নাচনী” প্ৰবন্ধৰ সংশোধন ৫৪০৬৯২ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।