বাদামী টুনি (Chestnut Munia বৈজ্ঞানিক নাম - Lonchura atricapilla) টুনি চৰাইৰ প্ৰজাতিৰ এবিধ সৰু চৰাই।
বিৱৰণ
ফুটুকী টুনিৰ দেহৰ দৈৰ্ঘ্য সাধাৰণতে ১১-১২ ছে:মি: আৰু ওজন প্ৰায় ১৬ গ্ৰাম মান হয়। পূৰ্ণবয়স্ক ফুটুকী টুনিৰ ঠোঁটটো চুটি আৰু জোঙা হয়। ইয়াৰ মুৰ ক’লা, পাখি আৰু বুকু বাদামী, ঠোট নীল-ধোৱা বৰণৰ হয়।
বিতৰণ
বাদামী টুনি ইণ্ডোনেছিয়া, কম্বোডিয়া, ছিংগাপুৰ, চীন, টাইৱান, থাইলেণ্ড, নেপাল, ফিলিপাইন, বাংলাদেশ, ব্ৰুণেই, ভাৰত, ভিয়েটনাম, মালয়েছিয়া, ম্যানমাৰ, লাউচ আৰু হাৱাই দেশত পোৱা যায়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাদামী টুনি” প্ৰবন্ধৰ সংশোধন ৩২০৬২৭ (১৩ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।