অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বনগুটি

বনগুটি বা শগুণ বন (বৈজ্ঞানিক নাম: Chrysopogon aciculatus) (syn. Andropogon aciculatus) এবিধ বহল পতীয়া ঘাঁহজাতীয় উদ্ভিদ৷ এই ঘাঁহক ইংৰাজীত amorseco (Spanish, "dry love"), lesser spear grass, Mackie's pest, pilipiliula, grama-amorosa আদি নামেৰে জনা যায়৷

হালনাগাদ: ৩ জুন ২০২৬ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

বনগুটি বা শগুণ বন (বৈজ্ঞানিক নাম: Chrysopogon aciculatus) (syn. Andropogon aciculatus'') এবিধ বহল পতীয়া ঘাঁহজাতীয় উদ্ভিদ৷ এই ঘাঁহক ইংৰাজীত amorseco (Spanish, "dry love"), lesser spear grass, Mackie's pest, pilipiliula, grama-amorosa আদি নামেৰে জনা যায়৷

বিস্তৃতি

বনগুটি এছিয়া, পলিনেছিয়া আৰু অষ্ট্ৰেলিয়াৰ থলুৱা ঘাঁহ৷ বহুতো ঠাইত এই ঘাঁহক আগ্ৰাসী উদ্ভিদ (invasive species) হিচাপে গণ্য কৰা হয়৷

বিৱৰণ

বনগুটিৰ পাতবোৰ বহল আৰু সেউজীয়া৷ পাতৰ আকৃতি দীঘল চানেকীয়াকৈ আগফালে ক্ৰমান্বয়ে সৰু হয়৷ ইয়াৰ দীঘল দীঘল ঠাৰিবোৰৰ আগত ফুল ধৰে৷ ফুলৰ পৰা ক্ষুদ্ৰ আকাৰৰ ধানৰ দৰে গুটি ধৰে৷ এই গুটিকে বনগুটি বুলি কোৱা হয়৷ এই বনগুটিবোৰ মানুহৰ কাপোৰত লাগি ধৰে৷১

বনগুটি ঘন ঘনকৈ সমানভাৱে উৎপত্তি হৈ দলিছাৰ দৰে বিয়পি পৰা দেখা যায়৷১

at Peradeniya Royal Botanical Garden
at Peradeniya Royal Botanical Gardenছবি: Gihan Jayaweera · CC BY-SA 3.0

তথ্যসূত্ৰ

  1. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ

সম্পৰ্কিত শ্ৰেণী

তৃণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনগুটি” প্ৰবন্ধৰ সংশোধন ৬১১০৭১ (৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।