অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চৰাইচোং

চৰাইচোঙ ১৬৬৩ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজকীয় পৃষ্ঠপোষকতাত উজনি মাজুলীত গঢ়ি তোলা এছিয়াৰে ভিতৰত প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান। চৰাইচোঙৰ অৱস্থিতি— উজনি মাজুলীৰ বৰ্তমান গাভৰুমেলীয়া, কাড়ীচুক, ৰতনপুৰ আৰু লাহন গাঁৱৰ উত্তৰে, কঠমীয়া (কথমীয়া)ৰ পশ্চিমে; ৰাঙলীবাহৰ, অভয়াপুৰীয়া, নৰসিংহ আৰু…

হালনাগাদ: ১০ নৱেম্বৰ ২০২৫ ৭০ শব্দ · ১ মিনিট সংগৃহীত ৪৯
সংশোধনৰ পৰামৰ্শ

চৰাইচোঙ ১৬৬৩ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজকীয় পৃষ্ঠপোষকতাত উজনি মাজুলীত গঢ়ি তোলা এছিয়াৰে ভিতৰত প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান।১

চৰাইচোঙৰ অৱস্থিতি— উজনি মাজুলীৰ বৰ্তমান গাভৰুমেলীয়া, কাড়ীচুক, ৰতনপুৰ আৰু লাহন গাঁৱৰ উত্তৰে, কঠমীয়া (কথমীয়া)ৰ পশ্চিমে; ৰাঙলীবাহৰ, অভয়াপুৰীয়া, নৰসিংহ আৰু শিলিখাগুৰিৰ দক্ষিণে থকা দীঘলে প্ৰায় চাৰি কিলোমিটাৰ আৰু বহলে ঠাই বিশেষে আধা কিলোমিটাৰৰ পৰা এক কিলোমিটাৰৰ নল, খাগৰি, ইকৰা, হিজল আৰু অন্য গুল্ম জাতীয় গছেৰে ভৰা জলাহ ঠাইখনেই হ’ল ৰাজকীয় পক্ষী উদ্যান 'চৰাইচোং'৷২

তথ্যসূত্ৰ

  1. ↑ মজুলীৰ সাৰাইচং সংৰক্ষিত অঞ্চলত স্থানান্তৰিত পক্ষীৰ সমাগম. Awaz The Voice (Assam) ৩৯০ বছৰীয়া ঐতিহ্যৰ সাক্. Rongili Barta
  2. ↑ প্ৰবন্ধ— “মাজুলীৰ চৰাই চোং এক বিলুপ্তপ্ৰায় ঐতিহ্য৷” লেখক— দিলীপ কুমাৰ ফুকন৷ গ্ৰন্থৰ নাম— চৰাই চোং, পৃষ্ঠা ৫, সম্পাদক— জগত বৰা, গোবিন কুমাৰ খাউণ্ড

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰাইচোং” প্ৰবন্ধৰ সংশোধন ৫৪৯৮৩১ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।