]]
চেঁচোৰ (Water chestnut) এবিধ জলজ উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Eleocharis dulcis। ই হৈছে বৰ্গ Poales অন্তৰ্ভুক্ত ধাননি পথাৰ বা তেনে কোনো দ চানেকীয়া ঠাইত দেখা পোৱা এবিধ বন৷ ইয়াৰ শিপাত ওলোৱা আলুৰ নাম অনুসৰিয়ে বনবিধকো চেঁচোৰ বুলি কোৱা হয়১
বিৱৰণ

চেঁচোৰৰ পাতবোৰ পিঁয়াজৰ পাতৰ দৰে চুঙাৰ লেখীয়াকৈ দীঘলীয়া হয়৷ চুঙা সদৃশ পাতবোৰৰ ভিতৰখন ফোপোলা হয় আৰু ইয়াৰ উপৰিভাগে সেউজীয়া বৰণ লয়৷
চেঁচোৰ বনৰ গুৰিত চুলি সদৃশ শিপাই বিকাশ লাভ কৰে৷ শিপাৰ আগভাগত বুটমাহৰ দৰে গোটা আকাৰৰ আলু ধৰে৷ এই আলুকে চেঁচোৰ বুলি কোৱা হয়৷ এই চেঁচোৰৰ সোৱাদ বাদামৰ দৰে৷১
বিস্তৃতি
চেঁচোৰ বন ভাৰতৰ প্ৰায় সকলো ঠাইতে বহুলভাৱে বিস্তৃত হৈ আছে৷ এই বন সাগৰ পৃষ্ঠৰ পৰা ৭০০ মিটাৰ উচ্চতা পৰ্য্যন্ত দেখা পোৱা যায়৷২
ব্যৱহাৰ
চেঁচোৰৰ বহুতো ঔষধি গুণ থকাৰ তথ্য পোৱা গৈছে৷ এই বনৰ আলু বহুমূত্ৰ, বদহজমী, বৃক্কৰ ৰোগকে ধৰি অন্যান্য ৰোগৰ উপসমৰ বাবে ব্যৱহাৰ কৰা হয়৷ ২
তথ্যসূত্ৰ
- ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
- ↑ link.springer.com/referenceworkentry/10.1007%2F9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেঁচোৰ” প্ৰবন্ধৰ সংশোধন ৩১০২৪৯ (৪ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।