ভেদেলি লতা ৰুবিয়েচি (Rubiaceae) পৰিয়ালৰ এবিধ জোপোহা আকৃতিৰ সৰু আকাৰৰ চিৰসেউজীয়া গছ।১ অসমীয়া সংস্কৃতিত এই লতাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।
বিৱৰণ
ভেদেলি লতা জোপোহা আকৃতিৰ গছ। গা-গছ আৰু ঠাল-ঠেঙুলিৰ বাকলিৰ উপৰিভাগ মুগা চানেকীয়া। বাকলিত দীঘল ফাট মেলা দেখা যায়।
এই লতাত পাতত বিন্যাস প্ৰায় চক্ৰাকাৰ। পাতবোৰ মুচৰি দিলে এবিধ উৎকট গন্ধ ওলায়। পাতৰ উপৰিভাগ খহটা। পাৰ ঘাই সিৰাডাল দুয়োকাষে বিকাশ লাভ কৰি সমান্তৰালভাৱে ওপৰৰ ফালে বাগৰি যায়।১
ভেদেলি লতাৰ ফুলৰ বৰণ বগা। ফুলবোৰ পুৰঠ হ’লে ফলৰ উৎপন্ন হয়। এই ফলবোৰ পকিলে ক’লা হয়। ১
সংস্কৃতিত
ভেদেলি লতাই অসমৰ বিহুগীতত স্থান পাইছে। উদাহৰণস্বৰূপে,
চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি ফুলিলে ভেদেলি লতা; কৈয়ো থাকো মানে ওৰকে নপৰে প্ৰাণ বান্ধৈৰে কথা।
তথ্যসূত্ৰ
- ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেদেলি লতা” প্ৰবন্ধৰ সংশোধন ৩৬৭২২৩ (২৬ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।