ঢেকীয়া লতা (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Aglaomorpha quercifolia, বা Drynaria quercifolia) Polypodiaceae পৰিয়ালৰ এবিধ ঢেঁকীয়াজাতীয় উদ্ভিদ। ইয়াক ফিলিপাইছত পাকপাক লৱিন, গুৰাৰ, কই হিন, অশ্বকত্ৰী, কাবকাব, কাবকাবন বা উপতকাৰুল আদি নামেৰে জনা যায়।১ ঢেকীয়া লতা থলুৱাভাৱে মূলতঃ ভাৰত, দক্ষিণ-পূব এছিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইন, নিউগিনি আৰু অষ্ট্ৰেলিয়াত পোৱা যায়।
বিৱৰণ
ই এক বৃহৎ ঠানিযুক্ত প্ৰজাতি। গুৰিৰ ঠানিসমূহ ওক গছৰ পাতৰ সৈতে সাদৃশ্য আছে। সেয়েহে ইংৰাজীত ইয়াক oakleaf fern বোলা হয়। পত্ৰসমূহ হয় সিঁচৰতি হৈ থাকে নাইবা গৌণ শিৰাৰ মাজত দুটা নিয়মীয়া শাৰীত সজোৱা থাকে।২
তথ্যসূত্ৰ
- ↑ Eutiquio L. Rotaquio Jr.; Nobukazu Nakagoshi; Ronaldo L. Rotaquio. (2007). Species Composition of Mangrove Forests in Aurora, Philippines – A Special Reference to the Presence of Kandelia candel (L.) Druve. Journal of International Development and Cooperation. Hiroshima University. পৃ. 61–78
- ↑ Barbara Joe Hoshizaki; Robbin Craig Moran. (2001). Fern Grower's Manual. Timber Press. পৃ. 294–196. ISBN 978-0-88192-495-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢেকীয়া লতা” প্ৰবন্ধৰ সংশোধন ৩৮১২২০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।