অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ঝাওবন

ঝাওবন (বৈজ্ঞানিক নাম: Tamarix dioica) পশ্চিম এছিয়াৰ বিভিন্ন অঞ্চলৰ নদীৰ পাৰৰ পলসুৱা মাটিত উৎপন্ন হোৱা এবিধ জোপোহা গছ। অসমত বাৰিষাৰ পানীয়ে উজনিৰ পৰা এই উদ্ভিদৰ গুটিবোৰ উটুৱাই আনে। পানী শুকালে গুটিবোৰ জেং জাবৰ বা নদীকুলীয়া বননিত লাগি ধৰে। খৰালিৰ লগে লগে এই গুটিবোৰৰ পৰা পুলি ওলায়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ঝাওবন (বৈজ্ঞানিক নাম: Tamarix dioica) পশ্চিম এছিয়াৰ বিভিন্ন অঞ্চলৰ নদীৰ পাৰৰ পলসুৱা মাটিত উৎপন্ন হোৱা এবিধ জোপোহা গছ।১২৩ অসমত বাৰিষাৰ পানীয়ে উজনিৰ পৰা এই উদ্ভিদৰ গুটিবোৰ উটুৱাই আনে। পানী শুকালে গুটিবোৰ জেং জাবৰ বা নদীকুলীয়া বননিত লাগি ধৰে। খৰালিৰ লগে লগে এই গুটিবোৰৰ পৰা পুলি ওলায়।১

বিৱৰণ

ঝাওবন এজোপো জোপোহা গছ। পুৰঠ গছ এজোপা ছয় মিটাৰ (২০ ফুট) পৰ্য্যন্ত ওখ হ'ব পাৰে। গছজোপাৰ বাকলিবোৰ মদৰুৱা বৰণৰ হয়। বাকলিৰ ওপৰত দীঘলে দীঘলে সামান্যভাৱে ফাটমেলা দাগৰ সৃষ্টি হোৱা দেখা যায়। ইয়াৰ পাতবোৰ আকাৰত সৰু, মুগা-সেউজীয়া বৰণৰ আৰু কাণ্ডত ওপৰা-উপৰিকৈ থাকে।১

ঝাওবনৰ পুং আৰু স্ত্ৰীপুষ্প পৃথক গছত ওলায়। ফুলৰ বৰণ গুলপীয়া বা বেঙুণীয়া হয়।৪

বিতৰণ

ঝাওবন ইৰাণ, আফগানিস্তান, পকিস্তান,ভাৰত, নেপাল, বাংলাদেশ আৰু ম্যানমাৰৰ থলুৱা উদ্ভিদ।৪৫

ব্যৱহাৰ

ঝাওবন বহু ঠাইত বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়। এই উদ্ভিদে যকৃত আৰু প্লীহাৰ নানা ৰোগৰ উপশমত সহায় কৰে বুলি জনা যায়।২৩২ ঝাওবনৰ ডালবোৰ খৰি হিচাপেও ব্যৱহাৰ কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
  2. ↑ Samejoa, Muhammad Qasim; Sumbula, Adeela; Shaha, Shahnila. (2013). Phytochemical screening of Tamarix dioica Roxb. ex Roch. Journal of Pharmacy Research. পৃ. 181–183
  3. ↑ Tamarix dioica. Medicinal plants of Bangladesh
  4. ↑ Tamarix dioica. Flora of Pakistan. efloras.org
  5. ↑ Perry, R.A.; Goodall, D.W. (1979). Arid Land Ecosystems: Volume 1: Structure, Functioning and Management. CUP Archive. পৃ. 256. ISBN 978-0-521-21842-9

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঝাওবন” প্ৰবন্ধৰ সংশোধন ৩৮১১০৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।