অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভেম্পায়াৰ বাদুলী

ভেম্পায়াৰ (ইংৰাজী: Vampire) এক শ্ৰেণী বাদুলিৰ প্ৰজাতি। স্তন্যপায়ী এইবিধ প্ৰাণী মধ্য আৰু দক্ষিণ আমেৰিকাত পোৱা যায়। ইহঁতৰ প্ৰধান খাদ্য চৰাই আৰু অন্য স্তন্যপায়ী প্ৰাণীৰ দেহৰ তেজ। ভেম্পায়াৰে সৰু সৰু অথচ অত্যন্ত চোকা দাঁত বহুৱাই অন্য প্ৰাণীৰ দেহৰ পৰা তেজ উলিয়াই আৰু সেই তেজ চুহি চুহি খায়।

হালনাগাদ: ২ মাৰ্চ ২০২১ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ভেম্পায়াৰ (ইংৰাজী: Vampire) এক শ্ৰেণী বাদুলিৰ প্ৰজাতি। স্তন্যপায়ী এইবিধ প্ৰাণী মধ্য আৰু দক্ষিণ আমেৰিকাত পোৱা যায়। ইহঁতৰ প্ৰধান খাদ্য চৰাই আৰু অন্য স্তন্যপায়ী প্ৰাণীৰ দেহৰ তেজ। ভেম্পায়াৰে সৰু সৰু অথচ অত্যন্ত চোকা দাঁত বহুৱাই অন্য প্ৰাণীৰ দেহৰ পৰা তেজ উলিয়াই আৰু সেই তেজ চুহি চুহি খায়। কিন্ত্ত তেজ শুহা প্ৰাণীটোৱে সেই সময়ত গম নাপায়েই বুলিব পাৰি। ভেম্পায়াৰ বাদুলিয়ে কামুৰিলে ৰেবিজ বা জলাতংক ৰোগ হ’ব পাৰে। বৈচিত্ৰময় এইবিধ প্ৰাণী মানুহৰ পৰম বিস্ময় আৰু আতংকৰ উৎস। ভেম্পায়াৰক আধাৰ হিচাপে লৈ ইতিমধ্যে যথেষ্ট সংখ্যক বোলছবিও নিৰ্মাণ কৰা হৈছে।১

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড, পৃষ্ঠা নং: ২৮৪

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেম্পায়াৰ বাদুলী” প্ৰবন্ধৰ সংশোধন ২৬৫৭০২ (২ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।