অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বাংকে ৰাষ্ট্ৰীয় উদ্যান

বাংকে ৰাষ্ট্ৰীয় উদ্যান (Banke National Park) নেপালৰ লুম্বিনী প্ৰদেশত অৱস্থিত। ২০১০ চনত পৃথিৱীলৈ উপহাৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত ইয়াক নেপালৰ দশম ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্থাপন কৰা হৈছিল।

হালনাগাদ: ৭ ডিচেম্বৰ ২০২৪ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বাংকে ৰাষ্ট্ৰীয় উদ্যান (Banke National Park) নেপালৰ লুম্বিনী প্ৰদেশত অৱস্থিত। ২০১০ চনত পৃথিৱীলৈ উপহাৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত ইয়াক নেপালৰ দশম ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্থাপন কৰা হৈছিল। সংৰক্ষিত অঞ্চলটোৱে ৫৫০ বৰ্গ কিলোমিটাৰ (২১০ বৰ্গ মাইল) এলেকা আৱৰি আছে আৰু ইয়াৰ অধিকাংশই শিৱালিক পাহাৰত আছে‍। উদ্যানখনৰ চাৰিওফালে থকা বাংকে, চালিয়ান আৰু ডাং দেউখুৰী জিলাৰ ৩৪৪ বৰ্গ কিলোমিটাৰ (১৩৩ বৰ্গ মাইল) অঞ্চল সামৰি‍ বাফাৰ জ’ন আছে।১

চুবুৰীয়া বৰদিয়া ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে একেলগে থকা ১,৫১৮ বৰ্গ কিলোমিটাৰ (৫৮৬ বৰ্গমাইল)ৰ সুসংহত সংৰক্ষিত এলেকাই বাঘ সংৰক্ষণ ইউনিট (টিচিইউ) বৰদিয়া-বাংকেক প্ৰতিনিধিত্ব কৰে।২

গছ-গছনি‍

বাংকে ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ভিদকুল কমেও ১১৩ বিধ গছৰ প্ৰজাতি, ১০৭বিধ ভেষজ প্ৰজাতি আৰু ৮৫বিধ গুল্ম আৰু লতাৰ প্ৰজাতিৰে গঠিত। সাধাৰণ প্ৰজাতিসমূহৰ ভিতৰত আছে শাল গছ, এক্সলউড, ভোলা গছ (ছেমেকাৰ্পাছ এনাকাৰ্ডিয়াম), খয়েৰ, আৰু টাৰ্মিনলিয়া আলাটা।৩

জীৱ-জন্তু

সংৰক্ষিত অঞ্চলত ঢেঁকীয়াপতীয়া বাঘ আৰু চাৰি শিংযুক্ত হৰিণ আছে।৪ ২০১৪ চনত সংৰক্ষিত অঞ্চলত প্ৰথমবাৰৰ বাবে এটা ৰঙা নেউল নথিভুক্ত কৰা হৈছিল।৫

তথ্যসূত্ৰ

  1. ↑ Bhushal, R.P. (2010). Nod to Banke National Park. The Himalayan Times, 13 May 2010
  2. ↑ Wikramanayake, E.D., Dinerstein, E., Robinson, J.G., Karanth, K.U., Rabinowitz, A., Olson, D., Mathew, T., Hedao, P., Connor, M., Hemley, G., Bolze, D. (1999). Where can tigers live in the future? A framework for identifying high-priority areas for the conservation of tigers in the wild. Pages 255–272 in: Seidensticker, J., Christie, S., Jackson, P. (eds.) Riding the Tiger. Tiger conservation in human-dominated landscapes. Cambridge University Press, Cambridge. hardback, paperback
  3. ↑ Napit, R. (2016). Species Diversity, Forest Community Structure and Regeneration in Banke National Park. Nepal Journal of Science and Technology 16(1): 17–30
  4. ↑ Dhakal, M., Karki (Thapa), M., Jnawali, S. R., Subedi, N., Pradhan, N. M. B., Malla, S., Lamichhane, B. R., Pokheral, C. P., Thapa, G. J., Oglethorpe, J., Subba, S. A., Bajracharya, P. R. & Yadav, H. 2014. Status of Tigers and prey in Nepal. Department of National Parks
  5. ↑ Subba, S.A., Malla, S., Dhakal, M., Thapa, B.B., Bahadur, L., Bhandari, K.O. and Bajracharya, P. (2014). Ruddy Mongoose Herpestes smithii: a new species for Nepal. Small Carnivore Conservation 51: 88–89

সম্পৰ্কিত শ্ৰেণী

ৰাষ্ট্ৰীয় উদ্যাননেপালৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংকে ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪৫২১৯২ (৭ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।