অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কেঞাবন

কেঞাবন (বৈজ্ঞানিক নাম:Kyllinga brevifolia) চাইপাৰেচি (Cyperaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ঘাঁহ জাতীয় উদ্ভিদ৷ কেঞাবনক ইংৰাজীত shortleaf spikesedge, green kyllinga, perennial greenhead sedge,kyllinga weed আদি নামেৰে জনা যায়৷

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৪২
সংশোধনৰ পৰামৰ্শ

কেঞাবন (বৈজ্ঞানিক নাম:Kyllinga brevifolia) চাইপাৰেচি (Cyperaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ঘাঁহ জাতীয় উদ্ভিদ৷ কেঞাবনক ইংৰাজীত shortleaf spikesedge, green kyllinga, perennial greenhead sedge,kyllinga weed আদি নামেৰে জনা যায়৷

বিস্তৃতি

কেঞাবন মূলত উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ থলুৱা উদ্ভিদ যদিও বৰ্তমান বিশ্বৰ সকলো ঠাইতে এই বন দেখা পোৱা যায়৷

বিৱৰণ

কেঞাবনৰ পাতৰ আকৃতি তৰোৱাল একোখনৰ নিচিনা চেপেটা আৰু দীঘলীয়া হয়৷ পাতখিলাৰ মাজভাগত থকা অষ্পষ্ট ঠাৰিৰ বাহিৰে পাতবোৰত কোনো ধৰণৰ সিৰৰ বিকাশ হোৱা দেখা নাযায়৷ পাতবোৰৰ গুৰিভাগত থকা ঠাৰিয়ে বৌখাৰ দৰে মূল ঘাঁহডালত মেৰিয়াই ধৰে৷১

কেঞাবনৰ শিপাবোৰ চুলিৰ দৰে ঘন আৰু পাতল৷ এইবোৰে মাটিৰ তলত সৰু আলুৰ সৃষ্টি কৰে আৰু এই আলুৰ পৰা উৎপত্তি হোৱা পুখা একোডাল মাটিৰ উপৰিভাগলৈ উঠি আহি একো একোজোপা নতুন কেঞাবন সৃষ্টি কৰে৷১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেঞাবন” প্ৰবন্ধৰ সংশোধন ৫৪০৫৬১ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।