গেদগেদী বা মাটি কাৱৈ, (Gangetic leaffish) হৈছে দক্ষিণ এছিয়া আৰু ইণ্ডোচাইনাৰ স্থানীয় মাছৰ এবিধ প্ৰজাতি। পুখুৰী, হ্ৰদ, খাল, প্লাৱিত অঞ্চল আদিকে ধৰি ধীৰ গতিৰ বা স্থবিৰ হৈ থকা পানীত ইহঁতক সাধাৰণতে দেখা যায়। এই প্ৰজাতিৰ আন সাধাৰণ নামসমূহ হ'ল মোটল্ড নন্দুছ (Mottled nandus) আৰু মাড পাৰ্চ (Mud perch)। এই মাছবিধ বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ আৰু খাদ্য হিচাপে ইয়াৰ মূল্য অতিশয় বেছি। একুৰিয়ামৰ ব্যৱসায়ৰ বাবেও গেদগেদী মাছ ধৰা হয়।১২
তথ্যসূত্ৰ
- ↑ Ng, H.H. (2010). Nandus nandus. পৃ. e.T166429A6207296
- ↑ R. Froese. (2014). Nandus nandus (Hamilton, 1822). FishBase
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেদগেদী মাছ” প্ৰবন্ধৰ সংশোধন ৪২৫৬৯৩ (১২ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।