অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্য

চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্য (Sepahijala Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ পশ্চিম ত্ৰিপুৰা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য।

হালনাগাদ: ১৬ জানুৱাৰী ২০২৫ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্য (Sepahijala Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ পশ্চিম ত্ৰিপুৰা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য।১

ইতিহাস

১৮.৫৩ বৰ্গ কিলোমিটাৰ (৭.১৫ বৰ্গ মাইল) এলেকাজুৰি বিস্তৃত; এই অভয়াৰণ্যখনক ১৯৮৭ চনত প্ৰথমে এখন সুৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হৈছিল।২

বন্যপ্ৰাণী

অভয়াৰণ্যখনত বিভিন্ন প্ৰজাতিৰ মাংসভোজী প্ৰাণী, প্ৰাইমেট, আনগুলেট, সৰীসৃপ আৰু প্ৰায় ১৫০বিধ প্ৰজাতিৰ চৰাই আছে। প্ৰাইমেটবোৰৰ ভিতৰত আছে মলুৱা বান্দৰ, গাহৰি-নেজীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ আৰু ডাস্কি লাঙ্গুৰ (Trachypithecus obscurus)। এখন বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গঢ়ি তোলাৰ লগতে ইয়াক শিক্ষা আৰু গৱেষণাৰ এক কেন্দ্ৰ হিচাপেও গঢ়ি তোলা হৈছে। অভয়াৰণ্যখনৰ ভিতৰত কেইবাটাও হ্ৰদ আছে। মাৰ্চ আৰু এপ্ৰিল; গ্ৰীষ্মৰ দুটা আৰ্দ্ৰ মাহৰ বাহিৰে বছৰজুৰি অঞ্চলটোৰ বতৰ নাতিশীতোষ্ণ থাকে।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Sepahijala WildLife Santuary. Government of Tripura
  2. ↑ Tripura. পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰত চৰকাৰ
  3. ↑ (November 2021). National Parks and Wildlife Sanctuaries in India. পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰত চৰকাৰ

সম্পৰ্কিত শ্ৰেণী

ত্ৰিপুৰাৰ বন্যপ্ৰাণী অভয়াৰণ্যভাৰতৰ সংৰক্ষিত এলেকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৪৬৪৪৬০ (১৬ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।