সৰ্পগন্ধা হৈছে এবিধ চিৰসেউজীয়া সৰু জোপোহা, যাক ক্ৰান্তীয় হিমালয়, অসম, মেঘালয়, ডেক্কান উপদ্বীপ(Deccan peninsula) আৰু পশ্চিম বংগ আৰু বিহাৰৰ আন কিছু অংশত পোৱা যায়। এই উদ্ভিদৰ পাতবোৰ সৰল আৰু ফুলবোৰ বগা-ৰঙা।
এইবিধ উদ্ভিদ বিধৰ বিষয়ে প্ৰথমে জৰ্জ বেন্থাম নামৰ ইংলেণ্ডৰ জৈৱ বিজ্ঞানী জনে বৰ্ণনা কৰিছিল। শুকান শিপাবোৰত পাঁচটা alkaloids থাকে যাৰ ভিতৰত serpentine, serpentinine, reserpine আৰু rauwolfine আটাইতকৈ গুৰুত্বপূৰ্ণ। শিপা হৈছে এইবিধ উদ্ভিদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ যাক পৰিষ্কাৰ, শুকোৱা আৰু গুৰি কৰা হয় আৰু তাত গুৰি ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। R. sepentina নামেৰে ই বৈজ্ঞানিকভাৱে পৰিচিত যদিও সাধাৰণতে সৰ্পগন্ধা বা devil's pepper বুলি জনা যায়।
সৰ্পগন্ধা ইয়াৰ ৰক্তচাপ হ্ৰাস কৰা গুণৰ বাবে অতি বিখ্যাত। তদুপৰি ইয়াক নিদ্ৰাহীনতা, মানসিক ভাৰসাম্যহীনতা, উন্মাদনা আৰু সৰ্প দংশনৰ প্ৰতিকাৰক হিচাপেও ব্যৱহাৰ কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্পগন্ধা” প্ৰবন্ধৰ সংশোধন ৩৯০৩১৯ (৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।