ৰ’জা চাইনেন্ছিছ, ইংৰাজীত সাধাৰণতে চাইনা ৰ’জ১ বা চাইনিজ ৰ’জ নামেৰে পৰিচিত। ই ৰ’জা বা গোলাপ গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। ই দক্ষিণ পশ্চিম চীনৰ এক থলুৱা উদ্ভিদ। আলংকাৰিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়।
ই এবিধ গুল্মজাতীয় উদ্ভিদ। উচ্চতা প্ৰায় ১–২ মিটাৰ। ফুলৰ পাঁচটা পাহি থাকে।
তথ্যসূত্ৰ
- ↑ BSBI List 2007. Botanical Society of Britain and Ireland
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীনা গোলাপ” প্ৰবন্ধৰ সংশোধন ৫৪০৮৯০ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।