কুচিয়া মাছ (Asian Swamp Eel) একপ্ৰকাৰৰ ইল প্ৰজাতিৰ মাছ। Sybranchidae পৰিয়ালৰ অন্তৰ্গত এই মাছটোৰ বৈজ্ঞানিক নাম Monopterus albus।
শাৰীৰিক গঠন
কুচিয়া মাছৰ দেহ দীঘল আৰু নলাকাৰ। ইয়াৰ নেজ চিধাই ঠেক আৰু প্ৰান্তৰ ফালে ক্ৰমশঃ সৰু। মাছটোৰ ছাল পিচল। ইহঁতৰ বক্ষ, শ্ৰোণী, পায়ু অনুপস্থিত। ইহঁতৰ দেহ গাঢ় বাদামী ৰঙৰ; উদৰ ঈষৎ ৰঙা আৰু পাৰ্শ্বৰেখাৰ ওপৰ অংশত আৰু নেজত অসংখ্য ক্ষু্দ্ৰ গোলাকাৰ ফোঁট থাকে। দীঘলে ই ৬০ ৰ পৰা ৭০ চেণ্টিমিটাৰ পৰ্যন্ত হবে পাৰে। এই মাছটোৰ শাৰীৰিক সক্ষমতা বোৰ বেছি।
আৱাস
এই মাছ ভাৰতীয় উপমহাদেশৰ ভাৰত আৰু বাংলাদেশৰ পাহাৰী অঞ্চলৰ অগভীৰ খাল, বিল, পুখুৰী আৰু মাটিৰ গাতত বাস কৰ। শুকান বতৰত পুখুৰী বা খালৰ যেতিয়া পানী শুকাই যায় তেতিয়া ই বোকাৰ তলত বহু দিন পৰ্যন্ত বাচি থাকিব পাৰে।
খাদ্যাভাস
কুচিয়া মাছৰ প্ৰধান খাদ্য বিভিন্ন প্ৰজাতিৰ সৰু মাছ, জলজ পোক আৰু প্ৰাণী। ইহঁত বৰ খকুৱা স্বভাৱৰ মাছ হোৱা বাবে ই নানা ধৰণৰ মল মুত্ৰ খাই জীৱন নিৰ্বাহ কৰে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুচিয়া মাছ” প্ৰবন্ধৰ সংশোধন ২৫৪৪২৪ (১৩ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।