ৰঙামূৰীয়া বাঢ়ৈটোকা (Common Flameback বা Common Goldenback, বৈজ্ঞানিক নাম-Dinopium javanense) 'Picidae' গোটৰ অন্তৰ্ভুক্ত বাঢ়ৈটোকা চৰাইৰ এটা প্ৰজাতি৷
বিৱৰণ
ৰঙামূৰীয়া বাঢ়ৈটোকা দেহৰ আকাৰ মধ্যমীয়া৷ ইয়াৰ মূৰৰ পৰা ডিঙিলৈকে দীঘলীয়া আঁচ থকা দেখা যায়৷ মতা আৰু মাইকী দুয়োৰে এই আঁচ থাকে৷ মতা ৰঙামূৰীয়া বাঢ়ৈটোকাৰ মূৰত ৰঙা আৰু মাইকীৰ ক'লা মুকুট (crown) থাকে৷ ইয়াৰ দেহৰ তলৰ অংশ ক'লা, নেজৰ বৰণো ক'লা হয়৷
টেক্স'নমি
Spot-throated Flamebackক এই প্ৰজাতিটোৰ উপ-প্ৰজাতি বুলি গণ্য কৰা হয়৷
বিতৰণ
ৰঙামূৰীবা বাঢ়ৈটোকা সাধাৰণতে বাংলাদেশ, ব্ৰুণেই, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, লাউচ, মালয়েছিয়া, ম্যানমাৰ, ছিংগাপুৰ, থাইলেণ্ড, আৰু ভিয়েটনাম আদিত পোৱা যায়৷
বাসস্থান
এই প্ৰজাতিটো প্ৰধানকৈ বিষুৱীয় অঞ্চলৰ বনাঞ্চলত পোৱা যায়৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙামূৰীয়া বাঢ়ৈটোকা” প্ৰবন্ধৰ সংশোধন ৫৪০৬৪১ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।