অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চিতল মাছ

চিতল মাছ প্ৰধানকৈ ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তান প্ৰভৃতি দেশৰ সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, মহানদী আদি বিভিন্ন নদীৰ অৱবাহিকা অঞ্চলতপোৱা যায়। ইংৰাজীত ইয়াক এবিধ নাইফ-ফিছ (knifefish) অথবা ইণ্ডিয়ান ফেডাৰবেক (Indian featherback) বুলিও জনা যায়। চিতল মাছৰ বৈজ্ঞানিক নাম ছিতলা ছিতলা (Chitala chitala)।

হালনাগাদ: ৯ এপ্ৰিল ২০২৪ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

চিতল মাছ প্ৰধানকৈ ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তান প্ৰভৃতি দেশৰ সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, মহানদী আদি বিভিন্ন নদীৰ অৱবাহিকা অঞ্চলতপোৱা যায়। ইংৰাজীত ইয়াক এবিধ নাইফ-ফিছ (knifefish) অথবা ইণ্ডিয়ান ফেডাৰবেক (Indian featherback) বুলিও জনা যায়। চিতল মাছৰ বৈজ্ঞানিক নাম ছিতলা ছিতলা (Chitala chitala)।১২ ৩

বৰ্ণনা

''ভাৰতৰ অসম ৰাজ্যত পোৱা চিতল মাছ। ইয়াৰ পিঠিত থকা বিশেষ ৰেখাসমূহ আৰু দেহত পিছ অংশত থকা পাতল ক'লা ৰঙৰ ফোটবোৰলৈ লক্ষ্য কৰক।''
ভাৰতৰ অসম ৰাজ্যত পোৱা চিতল মাছ। ইয়াৰ পিঠিত থকা বিশেষ ৰেখাসমূহ আৰু দেহত পিছ অংশত থকা পাতল ক'লা ৰঙৰ ফোটবোৰলৈ লক্ষ্য কৰক।ছবি: মৌচুমী · CC BY 3.0

চিতল মাছ দীঘলে খুব বেছি ১২২ ছে.মি.-লৈকে হোৱা দেখা যায়, কিন্তু সাধাৰণতে ইয়াক ৭৫ ছে.মি. দীঘল হোৱাহে দেখা যায়। মাছটোৰ ৰং ৰূপালী। তদুপৰি ইয়াৰ নেজৰ ফালে কিছুমান ঈষৎ ক'লা বৰণীয়া ফোট থাকে। ইয়াৰ লগত বহুত মিল থকা অন্য এক নিকট-সম্পৰ্কীয় প্ৰজাতি Chitala ornata - ৰ ক্ষেত্ৰত এই ফোটবোৰ চকু আকৃতিৰ হোৱা দেখা যায়। এই দুই প্ৰজাতিৰ মাছে চিনাক্তকৰণৰ সময়ত সততে বিভ্ৰান্তিৰ সৃষ্টি কৰা দেখা যায়।

২৩৪

বাহ্যিক সংযোগ

Commons-logo.svg
ছবি: Reidab, Grunt, 3247, Pumbaa · CC BY-SA 3.0

Media related to Chitala chitala at Wikimedia Commons

Wikispecies-logo.svg
ছবি: (of code) -xfi- · CC BY-SA 3.0

Data related to Chitala chitala at Wikispecies

তথ্যসূত্ৰ

  1. ↑ S. Chaudhry (2010)
  2. ↑ Froese, Rainer and Pauly, Daniel, eds. (2014)
  3. ↑ Seriously Fish: Chitala chitala.
  4. ↑ Roberts, T.R. (1992)

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিতল মাছ” প্ৰবন্ধৰ সংশোধন ৪১৭৬৮০ (৯ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।