চেনীপুঠি (olive barb, বৈজ্ঞানিক নাম: Systomus sarana) হৈছে চাইপ্ৰিনীড জাতিৰ এবিধ মাছ। এই মাছবিধ থলুৱাভাৱে আফগানিস্তান, ভাৰত, নেপাল, বাংলাদেশ, পাকিস্তান, ভূটান, শ্ৰীলংকা, থাইলেণ্ড আৰু ম্যানমাৰত পোৱা যায়। একোটা চেনীপুঠি ফিছালৈকে ৪২ চে:মি: (১৭ ইঞ্চি) পৰ্যন্ত দীঘল হ'ব পাৰে। বাণিজ্যিক মীনপালন ক্ষেত্ৰসমূহত ইয়াৰ গুৰুত্ব কম আৰু ইয়াক জাল, বৰশী আদিৰে ধৰা হয়। বাংলাদেশত মাছবিধ জনপ্ৰিয় যদিও একুৱাৰিয়ামৰ ব্যৱসায়ত ই জনপ্ৰিয় নহয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেনীপুঠি” প্ৰবন্ধৰ সংশোধন ৩৩০০৬৭ (৭ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।