ছিৰোহি ৰাষ্ট্ৰীয় উদ্যান ( Sirohi National Park) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যত অৱস্থিত। ভাৰত-ম্যানমাৰ সীমান্তৰ ওচৰত অৱস্থিত এইখন সৰু সংৰক্ষিত অঞ্চল। ১৯৮২ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল।১ ভূখণ্ড পাহাৰীয়া আৰু ইয়াৰ মাজতে উপত্যকা আছে। নিকটতম চহৰ-উখৰুল (৫ কিলোমিটাৰ)। ৰেলহেড-ডিমাপুৰ (২৫০ কি.মি.)।১ উদ্যানখনত জীৱ-জন্তুৰ ভিতৰত ট্ৰেগোপান, বাঘ আৰু নাহৰফুটুকী আদি আছে। ইয়াতেই বিখ্যাত ছিৰোহি শেৱালি (Lilium mackliniae) প্ৰাকৃতিকভাৱে গজে।


উখৰুলৰ ওচৰৰ ছিৰোহী কাছং শৃংগ সমুদ্ৰপৃষ্ঠৰ পৰা ২৮৩৫ মিটাৰ উচ্চতাত অৱস্থিত এক আচৰিত পাহাৰৰ ওপৰৰ দৃশ্যপট। এই শৃংগৰ পৰাই বহুতো নদীৰ উৎপত্তি হৈছে।
ব্লাইথৰ ট্ৰেগোপেন আৰু মিচেছ হিউমৰ বাৰ বেকড ফেজেণ্টৰ দৰে বিৰল চৰাইয়ে পাহাৰৰ শিখৰত বাস কৰে। উদ্যানখনত প্ৰাকৃতিক জীৱন এটা অবিক্ষিপ্ত জৈৱিক ব্যৱস্থাৰ দ্বাৰা সমৰ্থিত।২
উদ্ভিদ
ইয়াৰ চাৰিওফালে ঘন গ্ৰীষ্মমণ্ডলীয় অৰণ্য আৰু পাহাৰৰ শৃংগত নাতিশীতোষ্ণ অৰণ্য আছে।১
প্ৰাণীজগত
এই ৰাষ্ট্ৰীয় উদ্যানখনত বাঘ, নাহৰফুটুকী, বনৰীয়া গাহৰি, হৰিণ, এণ্টিলপ আৰু বহুতো চৰাইৰ বাসস্থান যিবোৰৰ ভিতৰত ঈগল, শগুন, টিট, ৱাৰ্বলাৰ, উইচ্ছু আৰু ফেজেণ্ট আদি অন্তৰ্ভুক্ত।১
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Handbook of National Parks, Wildlife Sanctuaries, and Biosphere Reserves in India p.69
- ↑ (2016-03-06). Sirohi National Park in Manipur. Bharat Stories
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিৰোহি ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪৬৬৯২৪ (২৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।