হাইলাৰানা লেপ্ট’গ্ল’ছা (ইংৰাজী ভাষা: long-tongued frog) যাক সাধাৰণতে অসমীয়া হাবি বেং বুলি জনা যায়, হাইলানা গণৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি (জীৱবিদ্যা)। এইবিধ ভেকুলী বাংলাদেশ, উত্তৰ-পূব ভাৰত, ম্যানমাৰ আৰু পশ্চিম থাইলেণ্ডৰ থলুৱা প্ৰজাতি। ইয়াৰ উপৰিও ইয়াক ক’পছ ফ্ৰগ, ফেইলব্ৰাউন স্মল ফ্ৰগ আদি নামেৰেও জনা যায়।১ শেহতীয়াকৈ ভূটানতো ইয়াৰ উপস্থিতিৰ তথ্য পোৱা গৈছে।২
অসমীয়া হাবি বেং সাধাৰণতে চিৰসেউজ অৰণ্যৰ জান-জুইৰিৰ কাষত বাস কৰে। এইবোৰ সাধাৰণতে মধ্যমীয়া উচ্চতাত পোৱা যায়— ভাৰতত ৫০০ মিটাৰৰ তলত আৰু থাইলেণ্ডত ৬০০-৭০০ মিটাৰ উচ্চতাৰ ভিতৰত। বনাঞ্চল ধ্বংস, বনজুই আৰু কৃষিভূমিৰ সম্প্ৰসাৰণে এই প্ৰজাতিটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে।৩
তথ্যসূত্ৰ
- ↑ Frost, Darrel R. (2013). Hylarana leptoglossa (Cope, 1868). Amphibian Species of the World 5.6, an Online Reference. American Museum of Natural History
- ↑ Wangyal, J. T. (2013). New records of reptiles and amphibians from Bhutan. Journal of Threatened Taxa. পৃ. 4774–4783
- ↑ IUCN SSC Amphibian Specialist Group. (2023). Hylarana leptoglossa
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া হাবি বেং” প্ৰবন্ধৰ সংশোধন ৬০৪০১৬ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।